Home Assamese মৰাণ বিহু সমাৰোহ-২০২২ লাইখুটা স্থাপনৰ অনুষ্ঠান

মৰাণ বিহু সমাৰোহ-২০২২ লাইখুটা স্থাপনৰ অনুষ্ঠান

151

অসম মৰাণ সভা,মাকুম আঞ্চলিক সমিতি,সদৌ মৰাণ ছাত্ৰ সন্থা,মাকুম আঞ্চলিক সমিতি,সদৌ মৰাণ কলা- সাংস্কৃতিক বিকাশ কেন্দ্ৰ,মাকুম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ মাকুম বাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ১৩ মে তাৰিখৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আয়োজন কৰিবলৈ লোৱা হৈছে মৰাণ বিহু সমাৰোহ। প্ৰত্যেক ৫বছৰৰ মূৰে মূৰে এই বিহু খনি অনুষ্ঠিত কৰা হয়, কিন্তু যোৱা বছৰ কৰোণা মহা মাৰিৰ বাবে বিহু খনি অনুষ্ঠিত কৰিব পৰা নগ’ল সেয়ে এই বছৰ অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।
সেয়েহে বুধবাৰে শ্ৰী শ্ৰী মায়ামৰা টিপুক বৰডিৰাক সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী কৃষিনাথ মহন্তদেৱে,মৰাণ বিহু সমাৰোহ উদযাপন সমিতিৰ উপস্থিটিত মৰাণ জনগোষ্ঠী সকলৰ পৰম্পৰাগত সম্পূৰ্ণ নীতি-নিয়মেৰে লাইখুটা স্থাপন কৰে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here