মৰণফাণ্ডত পৰিণত হৈছে মেঘালয় সোণাপুৰ পথ 

0
999

 

 

মৰণফাণ্ডত পৰিণত হৈছে মেঘালয় সোণাপুৰ পথ 
পুৰ্বৰ বাতৰিত আমি প্ৰকাশ কৰিছিলো , বুধবাৰে ভুমিষ্খলনৰ ফলত বৰ্হিঃবিশ্বৰ সৈতে সংযোগ বিচ্চিন্ন হৈ পৰিছিল বৰাক উপত্যকাৰ । প্ৰায় ৯ ঘণ্টা আৱদ্ধ হৈ পৰিছিল যাত্ৰী সকল । বৰাক উপত্যকা সহ চুবুৰীয়া ত্ৰিপুৰা , মিজোৰাম আদি ৰাজ্যৰ লাইফ লাইন সদৃশ এই পথচোৱাৰ ক্ষেত্ৰত কোনোখন ৰাজ্যৰে , ৰাজ্য চৰকাৰৰ সদিচ্চা দেখা পোৱা নগল ।

প্ৰতিবছৰে বৰষুণৰ সময়ত যাত্ৰীসকল আহুকালৰ সন্মুখীন হৈ আহিছে । বিপদ সংকুল ভাৱে যাত্ৰা কৰি সেই অঞ্চল সমুহৰ জনতা । ভয়ানক ভাৱে পিচল হৈ পৰা পথত যাত্ৰী কঢ়িওৱা বাহনৰ পৰা গধুৰ ট্ৰাকে চলাচল কৰিব লগা হৈছে । কিন্ত এক স্থায়ী সমাধানৰ পথ বিচাৰি উলিয়াবলৈ মেঘালয় কিম্বা অসম চৰকাৰৰ আহৰি নাই । বৈজ্ঞানিক পদ্ধতিৰে ভুমিস্খলনৰ সমস্যাটো সমাধান কৰাৰ থল নিশ্চয় আছে । কিন্ত মেঘালয় আৰু অসম চৰকাৰে এই বিযয়ত কোনো ধৰণৰ আলোচনাত মিলিত হোৱাটো দৃষ্টিগোচৰ হোৱা নাই । ৯ ঘন্টা বৰ্হি বিশ্বৰ পৰা সম্পুৰ্ণ বিচ্চিন্ন হৈ থকা , বিপদজ্জনক ভাৱে সাধাৰণ জনতাই যাত্ৰা কৰিব লগা হোৱা এক লজ্জাজনক ঘটনা । অসম তথা চুবুৰীয়া ৰাজ্য সমুহে এক ইতিবাসক পদক্ষেপ লব বুলি সচেতন মহলে আশা ৰাখিছে ।

(প্ৰণৱ মালাকৰ , কালাইন Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here