মোহ
ই বিশাল পৃথিৱীত মোহ কাৰ নাই? জীয়াই থকাৰ মোহ, সু স্বাস্থ্যৰ মোহ, সৌন্দৰ্য্যৰ মোহ, টকা-পইচাৰ মোহ, বিখ্যাত হোৱাৰ মোহ, ইত্যদি ইত্যাদি। মোহৰ কোনো আদি অন্ত-নাই, সীমা সংখ্যা নাই।
মহাকাব্যৰ পাতকো ভাৰাক্ৰান্ত কৰিছে এই মোহে। কোৱা হৈছে ধৃতৰাষ্ট্ৰৰ পুত্ৰ মোহে সূচনা কৰিছিল কুৰুক্ষেত্ৰৰ নিচিনা এখন মহাসমৰৰ। সূক্ষ্ম দৃষ্টিৰে চালে তাতো দেখা যাব বিভিন্ন চৰিত্ৰৰ মোহৰ সমাবেশ। ৰজা শান্তনুৰ পৰা আৰম্ভ কৰি যুধিষ্ঠিৰলৈকে সকলোৰে মোহৰ কাহিনী বিধৃত কৰি আছে মহাকাব্য মহাভাৰতে।
মোহ সকলোৰে সকলো বিষয়তে উৎপন্ন হয়। কিন্তু বৰ্তমান সময়ত প্ৰায় সকলো মানুহৰ এবিধ বিশেষ বিষয়ৰ ওপৰত মোহ স্পৰ্শকাতৰ ভাবে দৃষ্টিত ধৰা পৰিছে। সেয়া হৈছে ডাঙৰ ৰাজনৈতিক নেতা হোৱাৰ মোহ। এবাৰ ৰাজনীতিৰ ডাঙৰ নেতা হৈ ল’ব পাৰিলে আন একো নালাগে। সকলো নিজে নিজেই আহে। সন্মান, টকা-পইচা, ক্ষমতা, অনুগ্ৰহ প্ৰাৰ্থী, সকলো । তাৰোপৰি ডাঙৰ নেতা হ’ব পাৰিলে স্ব ঘোষিত ডাঙৰ লিখক হ’ব পাৰি, চিনেমাৰ এক্টৰ-ডিৰেক্টৰ-প্ৰডিউচাৰ হ’ব পাৰি, পদ্মশ্ৰী – পদ্মভূষণ হ’ব পাৰি । আৰু বহুত কিবা কিবি হ’ব পাৰি, যাৰ কথা কৈ শেষ কৰিব নোৱাৰি।
সেই বাবেই আজি-কালি ল’ ৰা-ছোৱালীয়ে স্কুল- কলেজৰ পৰাই ৰাজনীতিৰ কচৰৎ আৰম্ভ কৰে। ছাত্ৰ ইউনিয়নৰ সভাপতি-সম্পাদক হ’বলৈ যথেষ্ট অধ্যৱসায় কৰে। মন্ত্ৰী-বিধায়কৰ পিছত ঘূৰে।
সকলো প্ৰকাৰৰ নিৰ্বাচনৰ আগে আগে সেই বাবেই দেখা যায় পাৰ্টিৰ অফিচৰ চৌপাশত মানুহৰ ভীৰ। কিছুমানে আকৌ ইলেকচন অহাৰ এবছৰ মানৰ আগৰে পৰা বিনা মূলীয়া চিকিৎসা, বানপানী সাহাৰ্য্য, ৰক্তদান শিবিৰৰ আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে। বহু সময়ত এই সকল লোক প্ৰাৰ্থীৰ তালিকাৰ বহু দূৰতে ৰৈ যায়। তথাপিয়ো বিধায়ক, সাংসদ, মন্ত্ৰী, মূখ্যমন্ত্ৰীৰ চকীৰ মোহত সকলোৱে সকলো ধৰণৰ কাম কৰে। দল বাগৰে, পাৰ্টিৰ সৈতে বিশ্বাস ঘাটকতা কৰে। কাৰণ, সকলোৱে দেখি আহিছে – ৰাজনৈতিক শক্তি থাকিলে দেশৰ যি কোনো কাম কৰিবলৈ অসুবিধা নহয়, যিকোনো বিভাগৰ ধন আত্মসাৎ কৰিব পাৰি, যাৰে-তাৰে পৰা কামৰ বিনিময়ত টকা আদায় কৰিব পাৰি । মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আনি কোনেও পাত্তা নাপায়। হাইক’ৰ্ট- চুপ্ৰিম ক’ৰ্টে একো কৰিব নোৱাৰে। কাৰণ – ভাৰতৰ আইন ইমান লেহেমীয়া যে তাৰ ভিতৰতে সকলো ওলট পালট কৰিব পাৰি। উদাহৰণ অনেক আছে। ২০১২ চনত ৰুজু কৰা ‘নেচনেল হেৰল্ড’ গোচৰৰ আচামীক সোধ পোছ কৰিবলৈ মতা হৈছে ২০২২ চনত। তাতে আকৌ হুলস্থুল কৰিবলৈ, দোষীৰ ৰক্ষণাবেক্ষণ দি আইনৰ ওপৰত আঙুলি টোৱাবলৈ সাঙ্গোপাঙ্গ সকল লগত থাকেই যেতিয়া কিহৰ চিন্তা?
ৰাজনৈতিক শক্তিৰ প্ৰমাণ কৰে পশ্চিম বংগৰ মন্ত্ৰীৰ ঘৰৰ টকাৰ পাহাৰে। তেওঁৰ টকাৰ মোহে অভিনেত্ৰীকো মোহিত কৰিছিল।
আজি কিছুদিনৰ আগৰ কথাঃ
এজন কংগ্ৰেছ দলৰ সাংসদ, বিখ্যাত আইনজ্ঞ বৃহত্ত ধনৰ বিনিময়ত তেওঁ চুপ্ৰিম ক’ৰ্টৰ জটিল কেচ বিলাকত ওকালতি কৰে। তেওঁ কেইবাবাৰো লোকসভা আৰু ৰাজ্যসভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল । তেওঁ কেন্দ্ৰত মন্ত্ৰী পদো অলংকৃত কৰিছিল। দুৰ্ভাগ্য ক্ৰমে বৰ্তমান তেওঁ কংগ্ৰেছ দলৰ পৰা ওলাই আহিব লগীয়া হ’ল । বহুত সম্পদ সংগ্ৰহ কৰিলে, সকলো প্ৰকাৰৰ সুবিধা উপভোগ কৰিলে, বয়সো বহুত হ’ল। কিন্তু চকীৰ মোহ শেষ নহ’ল। অৱশেষত অন্য দলৰ হাতত ধৰি অন্য প্ৰদেশৰ পৰা পুনৰ ২০২২ চনৰ ৰাজ্য সভাৰ সদস্যৰ বাবে মনোনয়ন দাখিল কৰি নিৰ্বাচিত হয়। নাম তেওঁৰ কপিল চিব্বাাল।
আন এজন প্ৰচণ্ড শক্তিশালী নেতাই কংগ্ৰেছ দলৰ প্ৰতি বিতুষ্ট হৈ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰোধ কৰি নিজাকৈ দল গঠন কৰিছিল। কেইবা বছৰ ধৰি এখন গুৰুত্বপূৰ্ণ প্ৰদেশৰ মূখ্যমন্ত্ৰী হৈ আছিল। লোক সভা আৰু ৰাজ্য সভাৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছে বহুবাৰ । বয়সো যথেষ্ট হৈছে, ৰোগাক্ৰান্তও হৈছে। তথাপি তেওঁ চকীৰ খামোচ নেৰে। দৰকাৰ হ’লে আগতে এৰি থৈ অহা পাৰ্টিৰ লগত মিত্ৰতা কৰি হ’লেও চৰকাৰ গঠন কৰিবই। দেশ চলাবই। কিংমেকাৰ হোৱাৰ মোহ তেওঁৰ। তেওঁ শাৰদ পাৱাৰ। মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে ডুব যোৱাৰ মূল উপাদান তেওঁ।
আচলতে তেওঁলোক দুয়োজনেই ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সময় হৈছে । কিন্তু লোকৰ হাতত বা নেগুৰত ধৰি হ’লেও ৰাজনীতিত টিকি থাকিব লাগে। শক্তি লাগে, ধন দৌলত লাগে। সকলো মোহ।
ভাৰতীয় দৰ্শন তেওঁলোকৰ জ্ঞাত। তেওঁলোক উচ্চ শিক্ষা, জ্ঞান, চাতুৰ্য্যৰে ভাৰতৰ জাকত জিলিকা ব্যক্তি। কিন্তু তেওঁলোক মোহত আবদ্ধ।
কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎচৰ্য – এই ছয় ৰিপুৰ কথা তেওঁলোকে ভালদৰেই জানে। কিন্তু লোভ আৰু মোহ তেওঁলোকৰ জীৱনৰ অংগ। জীৱনৰ শেষ পৰ্যায়ত উপস্থিত হৈয়ো তেওঁলোকে ভাবে আৰু কেইটামান বছৰ শাসন কৰো! তেৱেঁই পৃথিৱীৰ শেষ শক্তিশালী মানুহজন হোৱাৰ লোভ সামৰিব নোৱাৰে।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোবন্ত সিনহা শেষ পৰ্যন্ত পুতৌৰ পাত্ৰ হ’ল। শাসকীয় পক্ষৰ কৌশল আৰু ভোটাৰৰ পৰিসংখ্যাই আগতেই তেওঁৰ হাৰ-জীত নিশ্চিত কৰিছিল। তেতিয়াই তেওঁ যুজঁখনৰ পৰা আঁতৰি অহা হ’লে পুতৌলগা অৱস্থাত নপৰিল হেতেঁন। কিন্তু তেৱোঁ মোহত পৰিল। ধন্য ভাৰতৰ ৰাজনৈতিক নেতা!
ড০ আৰ কে বেজবৰুৱা