মৈৰাবাৰী কাণ্ডক লৈ জ্বলিছে ৰাজ্য ! চিচিবৰগাওঁ প্ৰেছ ক্লাৱত এক ঘন্টীয়া অৱস্হান ধৰ্মঘট

13

মৈৰাবাৰী কাণ্ডক লৈ জ্বলিছে ৰাজ্য ! চিচিবৰগাওঁ প্ৰেছ ক্লাৱত এক ঘন্টীয়া অৱস্হান ধৰ্মঘট

মৈৰাবাৰী আৰক্ষীয়ে আক্ৰশমূল্যক আৰু সম্পুৰ্ণ অগণতান্ত্ৰিক ভাৱে সাংবাদিক মুছাস্তাফিজুৰ আহমেদ সহ দুজনকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্য ই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সাংবাদিক সংগঠনৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠনে আৰক্ষীৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ।
বুধবাৰে বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱ ৰ উদ্যোগত আছু , AJYCP , ছাত্ৰ মুক্তি, কৃষক মুক্তি , সোনোৱাল কছাৰী ছাত্ৰ সন্থা , আগছু , নাথ যোগী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনৰ সহযোগত চিলাপথাৰ জোনাইৰোডত কলা বেজ পৰিধানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰা হয় ১ ঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী । মৈৰাবাৰীয়ে আৰক্ষীয়ে অশ্লীল ভিডিঅ নিৰ্মাণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে বাতৰি লিখি সমাজৰ দৃষ্টি আকৰ্ষণ কৰা নিৰ্ভীক নিৰপেক্ষ সাংবাদিক দুজনক গণতন্ত্ৰ চতুৰ্থ তম্ভত খৰ্গ কৰি গ্ৰেপ্তাৰ কৰা কাৰ্য্যক একে মুখে ধিক্কাৰ গৰিহনা দিয়ে দল সংগঠনৰ লগতে বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৰ ওচৰত দাবী ,বিনা চৰ্তে মুক্তি কৰি দিয়ক সাংবাদিক দুগৰাকীক । দোষী আৰক্ষী বিষয়া ছাব্বিৰ আলিক চাকৰিৰ পৰা নিলম্বন কৰা আৰু ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই দল সংগঠন সমুহে ।
অৱস্হান ধৰ্মঘট স্হলীত সাংবাদিকৰ সুৰক্ষা সু- নিশ্চিত কৰক , অ চি ছাব্বিৰ আলিক নিলম্বন কৰক , মৰিগাঁও পুলিচ হায় হায় , মৈৰাবাৰী পুলিচৰ দাদাগিৰি নচলিব আদি শ্লোগানৰে উত্তাল কৰি তুলি পৰিবেশ ।

বিপুল সোণোৱাল, চিলাপথাৰ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here