মেগা ভেকচিনেচন আৰু চৰকাৰী মনোযোগীতা

0
146

মেগা ভেকচিনেচন আৰু চৰকাৰী মনোযোগীতা

অসমত বৰ্তমান এলানি “মেগা ভেকচিনেচন” কাৰ্য্যসূচী চলি আছে। এই কাৰ্য্যসূচীত সকলো ধৰণৰ চিকিৎসা কেন্দ্ৰক সামৰি লোৱাৰ উপৰিয়ো কিছুমান ৰাজহুৱা কেন্দ্ৰত ৰাইজৰ সুবিধাৰ্থে ক’ৰোণাৰ প্ৰতিষেধক টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে।
শোণিতপুৰ জিলাত চাহ বাগিছাসমূহতো প্ৰতিষেধক দি থকা হৈছে। যদিয়ো প্ৰথম অৱস্থাত মানুহৰ আগ্ৰহ নাছিল, বৰ্তমান ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে। বহুতো কেন্দ্ৰত যোগান ধৰা ভেকচিনৰ বিপৰীতে মানুহৰ উপস্থিতি অধিক হোৱাত ঘূৰি যাবলগীয়াও হৈছে। স্বাস্থ্য কৰ্মীয়ে যথেষ্ট যত্ন কৰিছে যাতে মানুহবোৰ ঘূৰি যাব লগীয়া নহয়। আমি দেখা পাইছোঁ – প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত স্বাস্থ্য কৰ্মীসকলেও যথেষ্ট কষ্ট কৰি ৰাইজক সন্তুষ্ট কৰাৰ চেষ্টা কৰি আছে।
চৰকাৰেও স্বাস্থ্য কৰ্মী সকলৰ প্ৰতি যথেষ্ট মনোযোগ দিয়া পৰিলক্ষিত হৈছে। যিহেতু তেওঁলোকে ৰাতিপুৱাৰ পৰা সন্ধিয়া চাৰি-পাঁচ বজালৈকে ভেকচিনৰ কামত লাগি থাকে, তেওঁলোকৰ খোৱা-বোৱাৰ প্ৰতি বৰ্তমানে চৰকাৰে মনোযোগ দিছে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট, দুপৰীয়া আহাৰ, পানীৰ বটল আদি স্বাস্থ্য কৰ্মী সকলৰ বাবে যোগান ধৰি আছে। এই কাম স্থানীয় হোটেল আদি
প্ৰতিষ্ঠানৰ সহযোগত ৰাতি পুৱা আৰু দুপৰীয়াৰ আহাৰ নিৰ্দিষ্ট কেন্দ্ৰত দি থৈ যায়।
এয়া স্বাস্থ্য কৰ্মীৰ বাবে এক ডাঙৰ সকাহ। কিছুদিনৰ আগলৈকে, যিসকল স্বাস্থ্য কৰ্মীয়ে দূৰৰ পৰা আহি চাহ বাগিছাসমূহত কভিড টেষ্ট বা ভেকচিনৰ কাম কৰিছিল তেওঁলোকৰ বাবে বাগিচাৰ তৰফৰ পৰা দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমানেও শোণিতপুৰ জিলাৰ চাহ বাগিছাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত সহায়- সহযোগিতা আগবঢ়াই আহিছে।
এতিয়া আহোঁ চৰকাৰে যোগান ধৰা দহ-বাৰজন মানুহৰ বাবে খাদ্য তালিকাৰ ফালে –
ব্ৰেকফাষ্ট – দুখন ব্ৰেড, এটা জামৰ পেকেট, এটা কণী আৰু দুটামান ভাল বিস্কুট। এক কাৰ্টুন পানীৰ বটল।
লান্স – ভাত, দুটুকুৰা পটল ভাজি, কেইকুৰামান মাংস, নেমু নাইবা চিকেন বিৰিয়ানি। ক’বলৈ গ’লে সেয়া যথেষ্ট।
চৰকাৰৰ এনেকুৱা ধৰণৰ প্ৰচেষ্টাৰ বাবে স্বাস্থ্যকৰ্মী সকল উপকৃত হৈছে। লগতে তেওঁলোকে চৰকাৰৰ এনেকুৱা মনোযোগীতাৰ শলাগ লৈছে।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here