মেক্সিকোত পথ দুৰ্ঘটনাত ২১ জনৰ মৃত্যু

0
577

International Desk, Ne India : মেক্সিকো সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা । মেক্সিকোৰ পূব প্ৰান্তত বুধবাৰে এখন ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ পিছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক আৰু বাছত অগ্নিকাণ্ড সংঘটিত হয় ।  দুৰ্ঘটনাত ২১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৩০ জন লোক গুৰুতৰভাৱে আহত হয় । আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে,  দুৰ্ঘটনাগ্ৰস্ত বাছখনত তীৰ্থ যাত্ৰীয়ে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here