মূল্য বৃদ্ধি আৰু এজন সাধাৰণ মানুহৰ চিন্তাৰে

0
137

মূল্য বৃদ্ধি আৰু এজন সাধাৰণ মানুহৰ চিন্তাৰে

আমাৰ জীৱনৰ অতি কম জীৱন-পৰিক্ৰমাত মূল্য বৃদ্ধিৰ ডাঙৰ ছবি এখন দৃষ্টিগোচৰ হৈছে। আমি জনা হোৱাৰ প্ৰথম স্তৰত এযোৰো হাঁহৰ কণীৰ দাম আছিল ৫০ পইচা। এমো়ন ধানৰ দাম আছিল ২৫ ৰ পৰা ৩০ টকা। পথাৰ মাটিৰ মূল্য বিঘা ৩০০ টকা। দেউতাৰ দৰমহা আছিল ৭০০ টকা। এনেকৈয়ে সকলো চলি গৈছিল। বস্তুৰ মূল্য বৃদ্ধি বুলি তেতিয়া শুনা মনত নপৰে।
কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে কোনো আন্দোলন কৰাৰ কথা শুনা নাছিলোঁ।
১৯৭২ চনত চীনৰ আক্ৰমণৰ সময়ত বস্তুৰ নাটনি হোৱাৰ কথা মনত পৰে। তেতিয়া বস্তুৰ দাম বহু পৰিমাণে বৃদ্ধি হৈছিল, বিশেষকৈ খাদ্যবস্তু আৰু কেৰাচিন তেলৰ।
তাৰ পিছত আহে ইমাৰজেণ্সীৰ সময়। সেই সময়ত বস্তুৰ দাম আৰু বৃদ্ধি হ’ল।
তাৰ সমান্তৰাল ভাৱে চৰকাৰী চাকৰিয়ালৰ দৰমহাও সময়ে সময়ে বৃদ্ধি হৈ আহিছ। প্ৰথম খন pay commission কাৰ্য্যকৰী হৈছিল ১৯৪৬ চনত। তাৰ মূল লক্ষ্য আছিল “living wages” to the employees.
গতিকে চাকৰিয়ালৰ দৰমহা বৃদ্ধি হোৱাৰ লগে লগে হাজিৰা কৰা মানুহৰ হাজিৰাও বৃদ্ধি হয়। তাৰ লগতে বস্তুৰ আমদানি-ৰপ্তানিৰ লগত জড়িত, ট্ৰেন্সপোৰ্টেচনৰ সৈতে জড়িত, ৰেলৰ কুলি, চাহ বাগিছাৰ মজদুৰ, দোকানত কাম কৰা মানুহ, ইত্যাদি সকলোৰে মজুৰী তথা দৰমহা বৃদ্ধি হোৱাটো অৱধাৰিত হৈ পৰে।
য়যেতিয়াই বস্তুৰ ট্ৰেন্সপোৰ্টেচন খৰচ বৃদ্ধি হয়, তেতিয়াই সামগ্ৰীৰ মূল্যও বৃদ্ধি পায়। ই এবিধ সমানুপাতিক ব্যৱস্থা। এই ব্যৱস্থাৰ মাজেৰে সমগ্ৰ বিশ্বৰ অৰ্থনীতি পৰিচালিত হয়।
তলত পে কমিচনৰ কিছু কথা উল্লেখ কৰা হৈছে।

(উৎস – ইন্টাৰনেট)
“The Commission revised the pay scales by merging 50% of the Dearness Allowance with basic Pay and it recommended Rs. 80 as the minimum remuneration

  • First Pay Commission 1947 Rs. 30 (basic pay)
  • Second Pay Commission 1959 Rs. 70 (“)
  • Third Pay Commission 1973 Rs. 185. (“)
  • Fourth Pay Commission 1986 Rs. 750. (“)

বিগত কিছু বছৰৰ পৰা মূল্যবৃদ্ধিৰ বিপৰীতে বিভিন্ন আন্দোলন, ধৰ্মঘটত দেশ উত্তাল হৈ আহিছে। যেতিয়াই মূল্য বৃদ্ধি হয়, তেতিয়াই বিৰোধী ৰাজনৈতিক দল- সংগঠনে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ ভিতৰত বন্ধৰে প্ৰতিবাদ কৰা হয়। যদিয়ো আমি সকলোৱে জানোঁ – বন্ধ প্ৰগতিৰ অন্তৰায়।
কিন্তু বাস্তৱত মূল্য বৃদ্ধিয়ে মানুহক ক্ষতিগ্ৰস্ত কৰে নে প্ৰগতিত প্ৰভাৱ পেলায় সেয়া বিচাৰ কৰাও উচিত।
আমাৰ দৃষ্টিত, মূল্য বৃদ্ধি হয় -ইলেকচনৰ আগে-পিছে, পে কমিছন কাৰ্য্যকৰী হোৱাৰ পিছত। তাৰ লগতে কিন্তু সাধাৰণ মুটীয়া, ৰিক্সা চালক, ঠেলা চালক, ড্ৰাইভাৰ, দিন হাজিৰা কৰা মানুহ – সকলোৰেই মজুৰীও বৃদ্ধি হয়। ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ ইনকাম বৃদ্ধি হয়। তাৰ লগতে জীৱনধাৰণৰ মানো উন্নত হয়। এয়া কোনো অৰ্থনীতিবিদৰ কথা নহয়।
আৰম্ভণিতে দিয়া দ্ৰব্য মূল্য আৰু কৰ্মচাৰীৰ দৰমহা যদি বৰ্তমান সময়ৰ লগত তুলনা কৰা হয়, তেন্তে সেয়া বুজাত অসুবিধা নহ’ব।
এই কথাখিনি কথা প্ৰসংগত প্ৰকাশ কৰিছিল মৰিগাঁওৰ এজন কাপোৰৰ ব্যৱসায়ীয়ে। প্ৰকাৰান্তৰে কথাবোৰ চিন্তা উদ্ৰেককাৰী। চিন্তাশীল ব্যক্তিয়ে কথাখিনি বিচাৰ কৰি চোৱা উচিত।

আৰ কে বেজবৰুৱা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here