দেশ তথা ৰাজ্যত মূল্যবৃদ্ধিৰ গতি যেন থমকি ৰোৱাৰ কোনো লক্ষণেই নাই। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজেলৰ আৰু অন্যান্য সকলোধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণৰ জনসাধাৰণক জুৰুলা কৰি পেলাইছে।
মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। বুধবাৰে তিনিচুকীয়া থানা চাৰিআলিত তাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে সকলোধৰণৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত বিভিন্ন শ্লোগান দি তিনিচুকীয়া চহৰৰ আকাশ বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া, Ne India News