নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্য আকাশলংঘী হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত দাবী উঠিছে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক চৰকাৰে । বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আমছুৱে অৱস্থান ধৰ্মঘট পালন কৰে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আমছুৱে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰুপায়ণ কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
News Desk , Ne India News