মুল্যবৃদ্ধিঃ চৰকাৰ আৰু বিৰোধীৰ ৰচি টনা খেল
আজি বহু বছৰ ধৰি আমি দেখি আছোঁ মুল্যবৃদ্ধিক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত টনা আজোৰা চলি থাকে। যেন এখন বহুৱালি। কোনোবাই পিয়াজৰ মালা পিন্ধি ৰাজপথত চিঞৰে, কোনোবাই গেছ চিলিণ্ডাৰ চোঁচোৰাই – বগৰাই চিঞৰে।
কোনোবাই গৰু গাড়ীত উঠি বজাৰলৈ যায় আৰু কোনোবাই মানুহৰেই কান্ধত উঠি প্ৰচাৰ মাধ্যমৰ সন্মুখত ওলায়। কিন্তু বস্তুৰ দাম নকমে, মধ্যবিত্তৰ পাকঘৰত ওলোৱা চকুপানী বন্ধ নহয়।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সম্ভৱ নহয়। কাৰণঃ মানুহৰ হাতত চৰকাৰে বিভিন্ন আঁচনি তুলি দিছে।
কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত ভাৰতীয় জনতা পাৰ্টীয়েও পিয়াজৰ মালা, গৰুৰ গাড়ী লৈ প্ৰতিবাদ কৰিছিল। মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ আশ্বাস দি গাদী দখল কৰিছিল। কিন্তু আজি সেইসকলে কয় –
“অৰুনোদয়, গৰীৱ কল্যান, এনৰেগা, কৃষি ঋণ, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আদি বিভিন্ন আঁচনি মানুহৰ হাতত তুলি দি হিতাধিকাৰী সকলক জীয়াই থকাৰ যুঁজত ৰচদ পাতিৰ যোগান ধৰিছে। গতিকে মূল্য নিয়ন্ত্ৰণ সম্ভৱ নহয়।”
এয়া মূখ্যমন্ত্ৰীৰ কথা।
নিশ্চয় ভাল কথা, ভাল আঁচনি। কিন্তু যিসকলক এইবোৰ আঁচনিয়ে ঢুকি নাপায়, তেওঁলোকৰ অৱস্থাৰ কথা চিন্তা কৰিব নালাগে নেকি? তেনেকুৱা মানুহো দেশত লাখ লাখ আছে। সেই মানুহবোৰে আজিলৈকে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই।
Read more-কংগ্ৰেছৰ ধ্বংসমুখী যাত্ৰা
কিন্তু বিগত বছৰবোৰত তেওঁলোকে ভোট দি আছে, মূল্যবৃদ্ধিৰ উৎপীড়নৰ বলি হৈয়েই আছে। আশা কৰি আছে – ভাল দিন অহাৰ বাবে। কিন্তু কেতিয়াবা তেওঁলোকৰ বাবে ভাল দিন আহিবনে?
এইসকল মানুহ অহা নিৰ্বাচনত বিজেপিৰ বাবে বেয়া দিনৰ প্ৰতীক ৰূপে পৰিগণিত হ’ব নেকি?
তাক সময়ে ক’ব।
আজি কালি মূ্ল্য নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণে মাত নামাতে। কাৰণ একেটাই- মাত মাতি লাভ নাই। হিতাধিকাৰীয়ে মাত মতাৰ প্ৰশ্নই নুঠে। তেওঁলোকে পাই থকা সুবিধা হেৰুওৱাৰ ভয়।
বিৰোধীসকলে কিছুমান নিৰ্দিষ্ট বস্তুহে দেখা পায়। তাৰ ভিতৰত – যদি গান্ধী-নেহৰু পৰিয়ালৰ ওপৰত আইনৰ কথা আহে, তেওঁলোকে গুলীৰ বাবেও বুকু পাতি দিবলৈ ৰাজপথত থিয় হয়।
ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কোনো প্ৰশ্ন উত্থাপন হ’লেই হুলস্থুল লগায়। সেই সময়ত চৰকাৰে কৰা সকলো কামৰ বেয়াটো জলজল পটপটকৈ দেখা পায়। তেওঁলোকৰ নিজৰ এটা স্থিতি আছে। সেয়া হৈছে তুষ্টিকৰণ আৰু স্বাৰ্থ সিদ্ধিৰ চিপ্ পলিটিকচ্।
সাধাৰণ খাটি খোৱা মানুহে প্ৰতিবাদ কৰিব নোৱাৰে। ৰাজপথলৈ ওলাই আহিলে তেওঁলোকে একোটা দিনৰ উপাৰ্জনৰ পইচাকেইটা হেৰুৱাব। তাতকৈ দ্ৰব্য মূল্যৰ সৈতে সহযোগ কৰাই ভাল।
আজি কালি চিকিৎসাৰ খৰচ কিমান বৃদ্ধি পাইছে, তাক নকলেও হ’ব। প্ৰাইভেট হস্পিটেলত ক’লোনৰ অপাৰেচন এটাত ডাক্তৰৰ ফীজ ২০০০০০/ লাখ টকা। কোৱা সহজ – চৰকাৰী মেডিকেল কলেজত বিনা পইচাতে সকলো সম্ভৱ। কিন্তু চৰকাৰী হস্পিটেলৰ যি গতি – অপাৰেচন কৰাৰ দিনালৈ ৰোগী বাচি থাকে নে নাই, তাৰেই সন্দেহ।

পেট্ৰ’ল-ডিজেলত কেতিয়াবা ১ টকাৰ পৰা ৫/৬ টকা কমে। কিন্তু তাৰ পৰা কাৰোবাৰ লাভ হয় নে? এবাৰ যি বাছৰ ভাড়া বাঢ়িল, সি তেনেকৈয়ে থাকিল।
পৰিবহনৰ ইতিহাসত ভাড়া কম হোৱাৰ নজিৰ আছে নে ক’ৰবাত ?
আমি আশা ৰাখিম চৰকাৰে বজাৰ-দোকান ভ্ৰমণ কৰক। নূন্যতম দ্ৰব্য মূল্য নিৰ্ধাৰণ কৰক। অলাগতিয়াল হিতাধিকাৰী সৃষ্টিৰে নিজৰ ইমেজ আৰু ভোটৰ অংকৰ বৃদ্ধি কৰাতকৈ সকলো শ্ৰেণীৰ জনতাৰ কথা চিন্তা কৰক। তেতিয়া হয়তো ভোটৰ অংকত ব্যস্ত নহলেও কথা নাই। জনতাই স্বতঃস্ফুৰ্ত ভাবে তেওঁলোকক বিজয়ী কৰিব।
ড০ আৰ কে বেজবৰুৱা,তেজপুৰ