২০২১ চনৰ ৩ অক্টোবৰত সংঘটিত এক ঘটনাই সমগ্ৰ দেশত বিশেষ চৰ্চা লাভ কৰিছিল । মুম্বাইৰ পৰা গোৱা লৈ যোৱা বিলাসী জাহাজ কাৰ্ডেলিয়া ক্ৰুজত অচম্বিতে তালাচী চলাইছিল NCB য়ে । তালাচীত ড্ৰাগছ উদ্ধাৰ হোৱাৰ কথা প্ৰকাশ কৰিছিল । কাৰ্ডেলিয়া ক্ৰুজৰ পৰা NCB য়ে আটক কৰিছিল ১৯ গৰাকী যাত্ৰী । নিশাই জাহাজখন মুম্বাইলৈ ওভতাই অনা হৈছিল আৰু আটক কৰা ব্যক্তি সকলক ৰখা হৈছিল ছান্তাক্ৰুজ আৰক্ষী চকীত ।
পিচদিনা অৰ্থাৎ ৪ অক্টোবৰত NCB য়ে প্ৰকাশ কৰিছিল আটক কৰা সকলৰ মাজত আছে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বৰপুত্ৰ আৰয়ান খান । তাৰপিচতে সমগ্ৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰে সমগ্ৰ দেশত । কাৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত জেললৈও যাব লগীয়া হয় আৰয়ান খান । পিচলৈ আদালতৰ পৰা জামিন লাভ কৰে আৰয়ান খান ।
সুদীৰ্ঘ আঠ মাহৰ অন্তত অৱশেষত আদালতে ক্লিন শ্বিট দিলে আৰয়ান খানক । NDPS আদালতত শুকুৰবাৰে NCB য়ে চাৰ্জশ্বিট দাখিল কৰে । দাখিল কৰা চাৰ্জশ্বিট নাম নাছিল আৰয়ান খানৰ । আৰয়ান খানৰ বিপক্ষে কোনো প্ৰমাণ নেপালে NCB য়ে ।
কাৰ্ডেলিয়া ড্ৰাগছ গোচৰৰ চাৰ্জশ্বিটত মুনমুন ধমেছা আৰু আৰবাজ মাৰ্চেন্ট নাম সন্নিবিষ্ট হৈছে ।
National Desk , Ne India News