মুম্বাইৰ বিজয় বল্লভ হাস্পাটলত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ১৩ গৰাকী ক’ৰণা ৰোগীৰ

0
82

 

মুম্বাইৰ বিজয় বল্লভ হাস্পাটলত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ১৩ গৰাকী ক’ৰণা ৰোগীৰ

মহাৰাষ্ট্ৰৰ বিৰাৰ স্থিত কভিড চিকিৎসালয় বিজয় বল্লভ হাস্পাটলৰ ICU ত সংঘটিত হৈছে হৃদয়বিদাৰক দুৰ্ঘটনা । শুকুৰবাৰে চিকিৎসালয় খনৰ ICU ত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড । দুখজনক ঘটনাটোত অকাল মৃত্যুক সাৱটে ১৩ গৰাকী ক’ৰণা ৰোগীয়ে ।

অগ্নিনিৰ্বাপক বিভাগে প্ৰকাশ কৰা অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত চিকিৎসালয় খনৰ ICU ত চিকিৎসাধীন হৈ আছিল ১৭ গৰাকী ক’ৰণা ৰোগী । কাহিলী পুৱা প্ৰায় ৩-৩০ মিনিটত চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ড , অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিবলৈ সক্ষম হয় পুৱা প্ৰায় ৫ বজাত । সুত্ৰত প্ৰকাশ , বিজয় বল্লভ হাস্পাটলৰ সকলো ৰোগীক ইতিমধ্যে সমীপৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here