মুখ্য ন্যায়াধীশ হিচাপে মনোনীত অসম সন্তান 

0
1181

 

NEWS DESK NE INDIA: ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত ন্যায়াধীশ ৰঞ্জন গগৈ। দীপক মিশ্ৰৰ স্থলাভিষিক্ত হ’ব ৰঞ্জন গগৈ। ৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত লোৱাৰ সম্ভাৱনা গগৈৰ। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছে অসম সন্তান ৰঞ্জন গগৈৰ নাম৷২ অক্টোবৰত অৱসৰ লব বৰ্তমানৰ মুখ্য  ন্যায়াধীশ দীপক মিশ্ৰই ৷অসমী আইৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৷উল্লেখ্য যে ৰঞ্জন গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা উকালতি আৰম্ভ কৰি ২০০১ ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্ত হয় ৷২০১২ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিছাপে যোগদান কৰিছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here