মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ শুভাৰম্ভ

16

মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ শুভাৰম্ভ

দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভৱিষ্যৎ প্রজন্মৰ বাবে পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰে জনতা ভৱনত গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ শুভাৰম্ভ কৰে। ১৭ জুলাইৰ পৰা ১৫ আগষ্ট ২০২২ সময়সীমাৰে অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে হাতত লোৱা এই পদক্ষেপে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, পৰিষদ, নগৰীয়া স্থানীয় নিকায়-নিগম, স্বায়ত্তশাসিত পৰিষদ, পঞ্জীভুক্ত সংস্থা আৰু শিক্ষানুষ্ঠানৰ ৮০,০০০তকৈও অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি ল’ব। ইয়াৰ অংশ স্বৰূপে গুৰুত্বপূর্ণ থলুৱা প্ৰজাতিৰ গছপুলি প্ৰাতিষ্ঠানিক চৌহদত ৰোপণ কৰাৰ পাছত বিষয়া-কর্মচাৰী, শিক্ষার্থী আদিয়ে সঠিক যতন লোৱাৰ লগতে এক সমৰ্পিত ৱেব-প’ৰ্টেলৰ জৰিয়তে নির্ধাৰিত সময়ৰ মূৰে মূৰে তিনি বছৰলৈ উদ্ভিদবোৰৰ জিঅ’-টেগ যুক্ত আলোকচিত্ৰ আপলোড কৰিব লাগিব।
গছপুলি ৰোপণ, গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰাতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰাত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশ্বাস মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। লগতে মুখ্যমন্ত্রী গৰাকীয়ে সকলোকে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি ৭৫টা গছপুলিক অমৃত বৃক্ষ হিচাপে ৰোপণ কৰি কাৰ্যসূচীটো অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়।
শুভাৰম্ভণী অনুষ্ঠানটিত মন্ত্রীসভাৰ অতুল বৰা, ডা: ৰণোজ পেগু, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, যোগেন মহন, নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্লবৰুৱা আৰু মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here