মুখ্যমন্ত্ৰীৰ ধমকৰ পিচতে দৰং জিলাত উপস্থিত হ’ল অভিভাৱক মন্ত্ৰী
দৰং জিলাৰ উপায়ুক্তক ভাৰ্চুৱেল মিটিঙত মুখ্যমন্ত্ৰীয়ে ধমকৰ দিয়াৰ পিচতে দৰং জিলাত উপস্থিত হ’ল অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোদন পাটোৱাৰী ৷ মন্ত্ৰী গৰাকীয়ে ছিপাঝাৰৰ সমগ্ৰ পৰিবেশ পৰ্য্যাবেক্ষন কৰাৰ পিচত নিশা ৮_৩০ বজাত উপস্থিত হয় দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷ দৰং জিলাৰ প্ৰতিটো বিভাগৰ বিষয়া সকলৰ লগত মিলিত হৈ বান পৰিস্থিতি কি দৰে মোকামিলা কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰে ৷ আলোচনাৰ মাজতে মন্ত্ৰী গৰাকীয়ে ছিপাঝাৰত হৈ যোৱা দুটি ঘটনাত ৰাজনৈতিক অভিসন্ধি থকাৰ সন্দেহ প্ৰকাশ কৰি উপায়ুক্ত গৰাকীৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাব বুলি মন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰকাশ কৰিলে ৷আলোচনাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ছিপাঝাৰৰ ঘটনা দুটি মেডিয়াই টেনচন দিয়া বুলি প্ৰকাশ কৰে ৷উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ধমকৰ পিচতহে গা লৰিছে দৰং জিলা প্ৰশাসনৰ ৷ আজিৰ পৰা সচাকৈয়ে পাবনে বানপীৰিতই সাহায্য সেয়া লক্ষনীয় হ’ব ৷
পংকজ সৰকাৰ,মঙ্গলদৈ, Ne India News