মুখ্যমন্ত্রীৰ ঘোষণা ! বানত গৃহহীন হোৱা লোকে পাব ৯৫ হাজাৰ টকাৰ সাহাৰ্য
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ বৃহৎ ঘোষণা। বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰিলে কেইবাটাও বৃহৎ ঘোষণা। বানত গৃহহীন হোৱা লোকলৈ ৯৫ হাজাৰ টকাৰ সাহাৰ্য ঘোষণা। জিলা উপায়ুক্তক গৃহহীন লোকসকলৰ ঘৰসমূহৰ ছাৰ্ভে কৰিবৰ বাবে নিৰ্দেশ। ইয়াৰ বাবে ১৫ জুলাইৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। ১৫-ৰ পৰা ২০ জুলাইৰ ভিতৰত এই তালিকাৰ ওপৰত ভিত্তি কৰি অঞ্চলসমূহ পৰিদৰ্শন কৰিব। আৰু ২১-ৰ পৰা ২৫ জুলাইৰ ভিতৰত বানপীড়িত গৃহহীন লোকসকলে লাভ কৰিব ৯৫ হাজাৰকৈ টকা। আৰু আশ্ৰয় শিবিৰত থকা লোকসকলে লাভ কৰিব ৩৮০০ টকাকৈ। এই লোকসকলৰ এই সাহাৰ্য পুঁজি বেংক একাউন্ট যোগে দিয়া হ’ব। ইয়াৰোপৰি বানপানীত ক্ষতিগ্ৰস্থ ছাত্র-ছাত্রীলৈ কিতাপ-পত্ৰ আৰু পঢ়া সজুঁলি কিনিবলৈ ১০০০ টকা সাহাৰ্য প্ৰদানৰ লগতে গো-ধনৰ ক্ষয়-ক্ষতিৰ বাবেও সাহাৰ্য দিব চৰকাৰে।
News Desk , Ne India News