ফিল’বাৰীত ৰাজহুৱাভাৱে উদযাপিত আইতা সত্যলতা গগৈৰ এশ এবছৰীয়া জন্ম দিন l
তিনিচুকীয়া জিলাৰ ফিল’বাৰী শঙ্কৰদেৱ শিশু নিকেতনত তিনিচুকীয়া জিলাৰ একমাত্ৰ জীৱিত মুক্তিযোদ্ধা সত্যলতা গগৈৰ এশ এবছৰীয়া জন্মদিন ৰাজহুৱাকৈ পালন কৰা হয় । ১৯২১ চনত শিৱসাগৰৰ নিতাই পুখুৰীত জন্ম গ্ৰহণ কৰা আইতাই সেই সময়ত স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল । স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তিখেশ্বৰ বৰগোহাঁই, উমা কান্ত ৰাজা, বুধিন্দ্ৰ ৰাজখনিকৰ, সোমেশ্বৰ কাকতিদৰে বহুকেইজন সংগ্ৰামীৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ।উল্লেখযোগ্য যে, আইতাৰ প্ৰয়াত স্বামী নবীন গগৈও স্বাধীনতা আন্দোলনৰ এগৰাকী সেনানী আছিল । বৰ্তমান তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ গাভৰুভেটিত বসবাস কৰা আইতাই ২০১১ চনত সমগ্ৰ দেশত আন্না হাজাৰীয়ে গঢ়ি তোলা দূৰ্নীতিবিৰোধী আন্দোলনৰ তেৰ দিনীয়া অনশনতো ভাগ লৈছিল । আইতাৰ জন্মদিন উদযাপনৰ এই অনুষ্ঠানটোত ফিল’বাৰী সেনা ছাউনীৰ সেনা বিষয়া, ফিল’বাৰী চাহ বাগিচাৰ পৰিচালক, বহুকেইজন বিশিষ্ট ব্যক্তি আৰু শঙ্কৰদেৱ শিশু নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News