মুকলি হ’ল ‘ৰাইজৰ দল’ৰ খচৰা সংবিধান

0
93

মুকলি হ’ল ‘ৰাইজৰ দল’ৰ খচৰা সংবিধান

গুৱাহাটীত শনিবাৰে ৰাইজৰ দল’ৰ সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰে ৰাইজৰ দল’ৰ খচৰা সংবিধান। দলৰ আহ্বায়ক ভাস্ক’ ডি শইকীয়াই এই সংবাদমেল সম্বোধন কৰে।তেও সংবিধানৰ খচৰা ৰাজহুৱা কৰি কয়, “উন্নয়ন আৰু বিকাশেই হ’ব ৰাইজৰ দলৰ ৰাজনীতিৰ ভাষা। ৰাইজৰ দলে দৰিদ্ৰতা নিৰ্মূল কৰিব বিচাৰিছো। আমি এখন নতুন অসম গঢ়িব বিচাৰিছো। উন্নয়ন ৰাইজৰ দলৰ প্ৰথম আৰু শেষ কথা।”

ৰাইজৰ দলৰ খচৰা সংবিধানত সন্নিবিষ্ট হৈছে দলটোৰ লক্ষ্য-উদ্দেশ্য। অৱশ্যে, দলৰ পতাকা আৰু প্ৰতীক এতিয়াও নিৰ্ধাৰণ হোৱা নাই।

সংবিধানত অন্তৰ্ভূক্ত কৰা হৈছে- গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ বিকশিত কৰা, অধিক ফেডাৰেল ব্যৱস্থাৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দিশে অধিক আগুৱাই নিয়া, ৰাষ্ট্ৰব্যৱস্থা তথা সাম্প্ৰদায়িক ফেচিবাদৰ হাতত বিপন্ন হোৱা অসমবাসীৰ পৰিচয় আৰু স্বাৰ্থক সুৰক্ষা দিয়া, বিদেশীমুক্ত অসম গঢ়া, ভাৰতৰ সংবিধানৰ ৩৭‍১-ক অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাকে ধৰি বহু কেইটা গুৰুত্ব পূৰ্ণ বিষয়।
দলৰ সদস্য ভৰ্তী হ’বলৈ ১৮ বছৰ বয়সৰ ন্যূনতম সীমা ৰখা হৈছে। সদস্য দুই প্ৰকাৰৰ থাকিব- প্ৰাথমিক আৰু সক্ৰিয় সদস্য।লগতে দলৰ পৰা বিধায়ক বা সাংসদ নিৰ্বাচিত হ’লে দৰমহাৰ ২০ শতাংশ আৰু পেঞ্চনৰ ১০ শতাংশ দলৰ পুঁজিত জমা দিব লাগিব।

News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here