Thursday, March 30, 2023
HomeNortheastমিছন ভূমিপুত্ৰৰ মুকলি কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

মিছন ভূমিপুত্ৰৰ মুকলি কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

মিছন ভূমিপুত্ৰৰ মুকলি কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

আজি অৰ্থাৎ ১ আগষ্ট তাৰিখে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শুভাৰম্ভ কৰিলে ‘ মিছন ভূমিপুত্ৰ’ আঁচনিখনৰ। ৰাজ্যৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনেৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে শুভাৰম্ভ কৰিলে আঁচনিখনিৰ। জাতিগত প্ৰমাণ পত্র লাভ কৰাৰ ক্ষক্ষেত্রত ছাত্র-ছাত্রীসকলে ইমান বছৰে সন্মুখীন হৈ অহা সমস্যাসমূহ মিছন ভূমিপুত্ৰই সমাপ্তি ঘটোৱাৰ লগতে প্ৰমাণ পত্র প্রদানৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰি প্ৰশাসন ব্যৱস্থাৰ সৈতে জনসাধাৰণক অধিক কাষ চপাই অনাৰ দিশতো সহায় কৰিব বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। বিশেষকৈ নৱমৰ পৰা দ্বাদশ শ্রেণীৰ যোগ্য ছাত্র-ছাত্রীসকলক জাতিগত প্ৰমাণ পত্র প্রদানৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনলাইন যোগে সম্পাদন কৰাৰ পদক্ষেপ লৈছে চৰকাৰে। ইয়াৰ বাবে প্ৰস্তুত কৰা হৈছে bhumiputra.assam.gov.in এক ৱেবছাইট।এই ৱেবছাইট যোগে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমেৰে চহী কৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। উপায়ুক্তসকলে বিদ্যালয়ৰ মুৰব্বীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ আবেদন সংগ্ৰহ কৰি এই ৱেব প’ৰ্টেলৰ মাধ্যমেৰে সেইসমূহ প্ৰ’চেছ কৰিব। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ জাতিৰ চিনাক্তকৰণ বা অনুমোদনৰ ক্ষেত্ৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ যিসমূহ সংস্থা আছে সেইসমূহে উপায়ুক্তগৰাকীক সহায় কৰিব।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিনৰ লগতে উপস্থিত থাকে কেবিনেট মন্ত্রীসকল ক্ৰমে ডা: ৰণোজ পেগু, পীযুষ হাজৰীকা, ইউ জি ব্ৰহ্ম, অশোক সিংহল, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গাৰ্লোছা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু কেইবাগৰাকীও বিধায়ককে ধৰি বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা কাৰ্যবাহী সদস্যসকল, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ, বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকল।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments