মাৰ্ঘেৰিটাৰ পৌৰ সভাৰ পদেন সদস্য হিচাপে আজি কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি বিধায়ক ভাস্কৰ শৰ্মা শপত গ্ৰহণ কৰে ।মাৰ্ঘেৰিটা পৌৰসভাৰ সভাগৃহত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োজনে শপত লয়। উক্ত শপত গ্ৰহণ অনুষ্ঠানত মাৰ্ঘেৰিটা পৌৰসভাৰ চেয়াৰমেন আনন্দ শৰ্মা , ভাইচ চেয়াৰমেন, বাড কাউন্সিলৰসহ বিজেপিৰ দলৰ বহু সংখ্যক নেতা পালিনেতা উপস্থিত থাকে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News