Friday, March 24, 2023
HomeAssameseমাৰ্ঘেৰিটাৰ নামডাঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

মাৰ্ঘেৰিটাৰ নামডাঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

মাৰ্ঘেৰিটাৰ নামডাঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নামডাং চাহ বাগিছাত আজি পুৱা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়।

নাহৰফুটুকীটোয়ে চাহ বাগিচাখনত বিগত কেইবাদিনো ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বন বিভাগে বাঘটো ধৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। আৰু শনিবাৰে বন বিভাগে পাতি ৰখা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চোৱাৰ বাবে পুৱাৰে পৰা শ শ উৎসুক লোকৰ সমাগম হয়। পিছত অৱশ্যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বন বিভাগে উক্ত ঠাইৰ পৰা অন্য স্থানলৈ লৈ যায়। বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বনাঞ্চলত এৰি দিয়া হব ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments