সৰ্ব শিক্ষা অভিযান, অসমৰ অধীনত, তিনিচুকীয়া জিলাৰ কুমচাই মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত এই সামূহিক উৎসৱ তথা ৰাইজৰ এদিন উদযাপন।
উক্ত সামূহিক উৎসৱ তথা ৰাইজৰ এদিন উদযাপন অনুষ্ঠানত কুমচাই মণ্ডল সমল কেন্দ্ৰৰ ১৬খন আৰু টকলং মণ্ডল সমল কেন্দ্ৰৰ ৮খন বিদ্যালয়ৰ শিক্ষক শিক্ষ়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।
ইয়াৰোপৰি সৰ্ব শিক্ষা অভিযান, অসমৰ অধীনত তিনিচুকীয়া জিলাৰ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।
এই সামূহিক উৎসৱত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তি সম্বলিত প্ৰদৰ্শনী উপস্থাপন কৰা দেখা যায়।
অনুষ্ঠানৰ আৰম্ভণিতে বাৰেৰহনীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভযাত্ৰা আৰম্ভ কৰাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰা হয়।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News