মাৰ্ঘেৰিটাৰ ইনথেম পঞ্চায়তৰ ভিতৰত দুষ্ট চক্ৰৰ লুট-পাত
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ গৃহৰ ভিতৰত সোমবাৰে নিশা দুষ্ট চক্ৰৰ দ্বাৰা লুট পাত। সোমবাৰে নিশা সংঘটিত হল লুট পাতৰ কাণ্ড। পঞ্চায়ত খনৰ গৃহত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিয়াৰ সন্দেহ মূল্যৱান সামগ্ৰী ।
লগতে ভাঙি থৈ গ’ল পঞ্চায়তৰ ভিতৰত আচনি থকা কম্পিউটাৰ। পঞ্চায়তৰ খনৰ বিভিন্ন আঁচনি সমুহৰ খেলি মেলি কৰাৰ স্বাৰ্থত এনে লুট পাতৰ কাণ্ড সংঘটিত কৰাৰ বুলি সন্দেহ কৰিছে পঞ্চায়তৰ কতৃপক্ষই।

পঞ্চায়তৰ দুটাকৈ তলা আৰু গদৰেজৰ তলা ভাঙি বিভিন্ন মূল্যবান নথি পত্ৰ লৈ যোৱাৰে সন্দেহ কৰিছে।পুৱা পঞ্চায়তৰ সদস্য কাৰ্যালয়ত উপস্থিত হোৱাত পাছতে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে আৰু পেঙেৰি আৰক্ষীক ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে লগতে এই ঘটনাৰ লগত জড়িত দুষ্ট চক্ৰৰ অতিশিঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই পঞ্চায়ত কতৃপক্ষ লগতে স্থানীয় ৰাইজে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News