মাৰ্ঘেৰিটা কিডজী চান ছাইন বিদ্যালয়ৰ শিক্ষক অভিষেক ভট্টাচাৰ্য বয়স ৩০ নিশা সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিশা প্ৰায় ১২ মান বজাত শিক্ষকজনে এক অনুষ্ঠানত ভাগলৈ মাৰ্ঘেৰিটা চাৰিআলিস্থিত নিজ গৃহলৈ আহি থকা অৱস্থাত চানু বেকাৰী সন্মুখৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটা আৰক্ষী তথা স্থানীয় লোকে ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাতৰি প্ৰস্তুত কৰা সময়লৈকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখনৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। স্থানীয় ভাবে নৃত্যৰ কৰিওগ্ৰাফাৰ হিচাপেও জনপ্ৰিয় আছিল অভিষেক ভট্টাচাৰ্য। তেখেতৰ মৃত্যুত কৰ্ডজি চান ছাইন বিদ্যালয়ৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। অভিষেকৰ মৃত্যু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News