মাৰ্ঘেৰিটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন 

0
883
আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০ তম জন্মোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটা আ ৰু ইয়াৰ উপকণ্ঠ অঞ্চলটো ব্যাপক উলহ মালহৰে নামঘৰে নামঘৰে উদযাপিত হৈছে গুৰুজনাৰ জন্মোৎসৱ । 
মাৰ্ঘেৰিটাৰ নিউ কলনিত নতুনকৈ প্ৰতিষ্ঠা কৰা বৰনামঘৰত আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী উপস্থিত থাকে৷ লগতে সত্ৰাধিকাৰজনে শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় উপস্থিত ভক্ত বৃন্দক ৷ অন্যহাতে সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে ধৰ্মপ্ৰাণ যুৱক জয়দীপ গগৈৰ কেইবা লক্ষ টকাৰ আৰ্থিক অনুদানেৰে নিৰ্মিত সাত খলপীয়া  সিংহাসন খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে
শ্যামল নেওগ মাৰ্ঘেৰিটা  NE INDIA 

LEAVE A REPLY

Please enter your comment!
Please enter your name here