মাৰ্ঘেৰিটাত বিশিষ্ট ব্যৱসায়ী পংকজ চৌধুৰীৰ ঘৰত আয়কৰ বিভাগৰ অভিযান
মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী পঙ্কজ চৌধুৰীৰ বাসগৃহত “আয়কৰ” বিভাগৰ বৃহৎ অভিযান পুৱাৰ ভাগৰে পৰা ব্যৱসায়ী জনৰ বাসগৃহৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানত “আয়কৰ” বিভাগৰ বৃহৎ তালাচী চলাই ৷৷
বিভিন্ন সময়ত কয়লাৰ চোৰাং বেহাৰ সৈতে পঙ্কজ চৌধুৰীৰ নাম জড়িত হৈ আহিছিল ৷ বিভিন্ন সংবাদ মাধ্যমটো ব্যৱসায়ী জনৰ নাম বিভিন্ন সময়ত উচ্চাৰিত হৈ আহিছিল ৷৷ আজি হঠাৎ কিয় এনেদৰে “আয়কৰ” বিভাগৰ এটা বৃহৎ দলে ব্যৱসায়ী জনৰ বাসগৃহত অভিযান চলাব লগীয়া হল সেই সন্দৰ্ভত সবিশেষ বৰ্তমানেওঁ জানিব পৰা নাই ৷৷ বৰ্তমানৰ লৈকে ব্যৱসায়ী জনৰ পৰা আয়কৰ” বিভাগে কেনে ধৰনৰ নথি পত্ৰ জব্দ কৰিছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷ বৰ্তমানেওঁ অভিযান অব্যাহত আছে৷
মাৰ্ঘেৰিটা, বাবা নেওগ,Ne India