Sunday, March 26, 2023
HomeAssameseমাৰ্ঘেৰিটাত পৰিবহন বিভাগৰ অভিযান

মাৰ্ঘেৰিটাত পৰিবহন বিভাগৰ অভিযান

যান-বাহনৰ নিয়ম উলংঘা কাৰী বিৰুদ্ধে কঠোৰ হল তিনিচুকীয়া জিলাৰ পৰিবহন বিভাগ। তিনিচুকীয়া জিলাৰ উপায়ুক্ত নিদ্দেৰ্শ মৰ্মে জিলা পৰিবহন বিভাগৰ পৰিদৰ্শক দেৱজিত দাসৰ নেতৄত্বত যান-বাহনৰ নিয়ম উলংঘন কাৰী বিৰুদ্ধে মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলায়। এই অভিযান কালত যান-বাহন নিয়ম উলংঘাকাৰী চালকক জৰিমনাও বিহে। বিশেষকৈ দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা, গাড়ীত চিটবেল্ট নলগোৱা আৰু গাড়ী গ্লাছত কলা ইষ্টীকাৰ লগোৱা লোকৰ বিৰোদ্ধে কঠোৰ হল পৰিবহন বিভাগ। ৰাজপথত চলাচল কৰা প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহন ৰখাই তন্ন তন্নকৈ এইসমূহ পৰীক্ষা কৰে। বহু কেইখন দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ গৰাকী তথা চালকক বিহা হৈছে বৃহত পৰিমানৰ জৰিমনা। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী নিৰ্দ্দেশৰ পিছতে যান-বাহন নিয়ম উলংঘাকাৰী বিৰুদ্ধে সম্পুৰ্ণ ৰূপে সষ্টম হৈ পৰিছে। তিনিচুকীয়া পৰিবহন, বিভাগ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments