Sunday, December 4, 2022
HomeAssameseমাৰ্ঘেৰিটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত এজন 

মাৰ্ঘেৰিটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত এজন 

মাৰ্ঘেৰিটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ! নিহত এজন 

বিশ্বকৰ্মা পূজাৰ নিশাই মাৰ্ঘেৰিটাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত এজন থিতাতে নিহত হোৱাৰ উপৰিও দুজন গুৰুত্বৰ ভাৱে আহত হয়। আহত দুয়োজনৰে অৱস্থা অতি সংকটজনক।

শনিবাৰে নিশা প্ৰায় ১১ঃ১৫ মিনিটত ডিগবৈ পৰা মাৰ্ঘেৰিটা দিশলৈ তীব্ৰ বেগত আহি থকা Yamaha FZ AS-23Q-4497 নম্বৰ বাইক খনে মাৰ্ঘেৰিটা ব্লক তিনিআলি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন দোকানত খুণ্ডা মাৰে।

ফলত সমীৰ চামাচি নামৰ প্ৰায় ২৩ বছৰীয়া যুৱকজন থিতাতে নিহত হোৱাৰ লগতে একেখন বাইকতে অহা বিশাল বাড়লা(২৫) আৰু অৰ্জুন ধানুৱাৰ(২৪) গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত আৰু মৃত যুৱক জনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও বিশাল আৰু অৰ্জুনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে।

একেখন বাইকত অত্যধিক মদ্যপান কৰি ৩জন যুৱকে তীব্ৰ বেগত বাইক চলাই অহাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যুৱক কেইজনৰ ঘৰ মাৰ্ঘেৰিটা ডিৰক বালিজানত বুলি জানিব পৰা গৈছে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments