মাৰ্ঘেৰিটাত নাৰী সৰহবৰাহকাৰী চক্ৰ উৎখাত

0
1111

 

মাৰ্ঘেৰিটাৰ লিডু ৰেল স্টেচনৰ পৰা আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী আৰ পি এফৰ সহযোগত  তিনি গৰাকী যুৱতী সহ লিডু বিচা গাৱঁৰ হেমন্ত শৰ্মা নামৰ  এজন নাৰী সৰবৰাহকাৰীক আটক কৰে । যুৱতী তিনি গৰাকী মাৰ্ঘেৰিটাৰ কেতেটঙৰ হাৱৈ পথাৰৰ । দিল্লীত চাকৰি দিয়াৰ উদ্দেশ্যত লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত  হেমন্ত শৰ্মাই । ইয়াৰ বিপৰীতে আদিবাসী ছাত্ৰ সন্থাই নাৰী ব্যৱসায়ত জড়িত কৰাৰ উদ্দেশ্যতে যুৱতী তিনি গৰাকীক লৈ যোৱা বুলি সন্দেহ ব্যক্ত কৰিছে । এই দৰে পূৰ্বতে ও চাকৰি আৰু বেছি দৰমহাৰ প্ৰলোভনৰে  দৰিদ্ৰ পৰিয়ালৰ যুৱতীক লৈ গৈ দেহ ব্যৱসায়ত জড়িত কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে ।
শ্যামল নেওগ, মাৰ্ঘেৰিটা , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here