Monday, November 28, 2022
HomeAssameseমাৰ্ঘেৰিটাত তেল কোম্পানীৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিক-কৰ্মচাৰীৰ

মাৰ্ঘেৰিটাত তেল কোম্পানীৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিক-কৰ্মচাৰীৰ

মাৰ্ঘেৰিটাত তেল কোম্পানীৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিক-কৰ্মচাৰীৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪১ টা তৈল খাদ ব্যক্তিগত খণ্ডৰ কোম্পানীক আবন্টন দিছিল । তেনে এটা খাদ অৱস্থিত তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ইনথেমত ।

বেদান্ত নামৰ তৈল খনন কোম্পানীটোৱে ছমাহে উক্ত স্থানত তৈল অনুসন্ধান আৰু খননৰ বাবে প্ৰাৰম্ভিক প্ৰস্ততি সম্পূৰ্ণ কৰিছে ।

কিন্তু কোম্পানীটোৱে শ্ৰম আইন ভংগ কৰি এই ছয়মাহে কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলক দা দৰমহাৰ লগতে সকলোধৰণৰ ন্যাৰ্য সা – সুবিধাৰ পৰা বন্ঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

মাৰ্ঘেৰিটাত তেল কোম্পানীৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিক-কৰ্মচাৰীৰ

“অসমীয়াৰ চোতাল খনন কৰি বহিৰাগত কোম্পানীয়ে লৈ গৈছে তেল – কিন্তু ইয়াৰ বিনিময়ত আমি অসমীয়াই কি পাইছো” ..এনেদৰে পেঙেৰীৰ ইনথেমত তৈল খনন চলোৱা বেদান্ত নামৰ কোম্পানীটোৰ বিৰুদ্ধে এই ক্ষোভ উজালিলে কৰ্মচাৰীয়ে ।

২৫০০ টকা দৰমহাৰে খটুৱাই অহাৰ লগতে চিকিৎসা খোৱা আদি সকলো ক্ষেত্ৰতে চূড়ান্ত ভাৱে প্ৰৱন্ঞ্চনা কৰাৰ অভিযোগ তুলি কাম স্তব্ধ কৰি দিয়ে বুধবাৰৰ পৰা শ্ৰমিক- কৰ্মচাৰী সকলে ।

শ্ৰমিক কৰ্মচাৰী সকলে ন্যাৰ্য প্ৰাপ্যৰ পৰা বন্ঞ্চিত হৈ থকাৰ লৈকে তৈল প্ৰতিষ্ঠানটোৰ সকলো কাম – কাজ স্তব্ধ কৰি ৰখাৰ কথা স্পষ্ট কৰি দিয়ে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments