মাৰ্ঘেৰিটাত জব্দ দুখন কৈ চোৰাং কয়লা ভৰ্তি ১২ চকীয়া ট্ৰাক

0
111

মাৰ্ঘেৰিটাত জব্দ দুখন কৈ চোৰাং কয়লা ভৰ্তি ১২ চকীয়া ট্ৰাক

কালি নিশাৰ ভাগত মাৰ্ঘেৰিটা আৰক্ষীয়ে দুখনকৈ চোৰাং কয়লা ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ কৰে।জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে এ এচ ২৩ চি চি ০৪৮০ আৰু এ এচ ২৩ এ চি ৭৭৭৭। উল্লেখ্য যে,মাৰ্ঘেৰিটা অল্ড কলনিৰ ৰাজেশ যাদৱ নামৰ এজন যুৱকে এই দুখন গাড়ীৰ এন্টিৰ নামত ৭০ হাজাৰ টকা আদায় লৈছিল বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৰাজেশ দেবনাথ নামৰ লোকজনে।ইপিনে দেৱনাথ ব্ৰাডাৰ্চ এন্টাৰ প্ৰাইজ নামেৰে ৰাজেশ দেৱনাথে ভূৱা নথি তৈয়াৰ কৰি দীৰ্ঘ দিনে ৰাজ্যৰ বিভিন্ন ঠাইলৈ চোৰাং ভাবে কয়লা সৰবৰাহ কৰি আহিছিল। এনেদৰে চোৰাং ভাবে কয়লা সৰবৰাহ কৰা ট্ৰাক দুখন কালি আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰাৰ লগতে সংগ্ৰাম চেত্ৰী,পংকজ সিং নামৰ দুই ড্ৰাইভাৰসহ কয়লা মাফিয়া ৰাজেশ দেৱনাথক আটক কৰিছে।উল্লেখ্য যে,ৰাজেশ দেৱনাথ নামৰ চোৰাং কয়লা মাফিয়াজনে বৰগোলাইস্থিত মাৰ্ঘেৰিটাৰ বাসিন্দা বাবুৱা সিং নামৰ লোক জনৰ মালিকনাধীন ক্ৰেছাৰ মিলৰ ভিতৰত মেচাৰ্চ মাধবী ট্ৰেডাৰ্চ নামৰ অবৈধ ভাবে নিৰ্মাণ কৰা এটা কয়লা ডিপোত কেছা কয়লা মজুত কৰি নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছিল।ৰাজ্যত অব্যাহত থকা লক ডাউন তথা সান্ধ্য আইনৰ নিস্তবধতাৰ সুবিধা লৈ বাবুৱা সিঙৰ উক্ত ক্ৰেছাৰ মিলৰ পৰা ৰাজেশ দেৱনাথে দুখন কয়লা ভৰ্তি ট্ৰাক কৌশলেৰে নি থকা অৱস্থাত মাৰ্ঘেৰিটা আৰক্ষীয়ে ট্ৰাকৰ লগতে দুজন চালকসহ ৰাজেশক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

https://youtu.be/L8Z_8l-YsXQ

বাবা নেওগ, মাৰ্ঘেৰিটাৰ, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here