Home Assamese মাৰ্ঘেৰিটাত চোৰৰ বিলৈ

মাৰ্ঘেৰিটাত চোৰৰ বিলৈ

112

মাৰ্ঘেৰিটাত চোৰৰ বিলৈ

চুৰ কৰিবলৈ গৈ হাতে-লোতে ধৰা পৰিল এটা চোৰ।
মাৰ্ঘেৰিটা নগৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন দোকান প্ৰতিষ্ঠান সমূহত কিছুদিনৰ পৰা চোৰৰ উপদ্ৰপ বৃদ্ধি পাবলৈ ধৰিছে।চোৰৰ বাবে এতিয়া দোকান প্ৰতিষ্ঠান সমূহৰ গৰাকীয়ে দিনতে দোকান এৰি যাৱ নোৱাৰা অৱস্থা হৈ পৰিছে।
শনিবাৰে,মা কিড জোন নামৰ দোকান খনৰ গৰাকীয়ে পানী আনিবলৈ বাহিৰলৈ গৈছিল । সেই সুযোগৰে অপেক্ষাত আছিল চোৰটো । হাতত হেলমেট লৈ প্ৰথমে পায়চাৰী । তাৰপিচত কেচ বাকচত হাত চাফাই কৰা অভিযান ।

এই সমগ্ৰ দৃশ্য ওচৰৰ আন এখন দোকানৰ পৰা মবাইল কেমেৰাত বন্দী কৰি আছিল আন এজন লোকে । কেঁচ বাকচৰ পৰা ধন লৈ উধাও হবলৈ লওতেই হাতে লোতে কৰায়ত্ব কৰা হল চোৰটোক । । চোৰটো যোৰহাট টিয়কৰ জ্যোতি দাস বুলি জানিব পৰা গৈছে। চোৰটোক ৰাইজে লপা থপা দি পিছত মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

ৰন্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here