মাৰ্ঘেৰিটাত চুৰি কাণ্ড

0
1321
NE INDIA: মাৰ্ঘেৰিটা হিলভিউ জয়া ঘাট নিৱাসী ছেকু ৰহিমোদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়। চোৰে ঘৰৰ কেইবাটাও তলা আৰু গুডৰেজৰ তলা ভাঙি ধন আ-অলংকাৰ তথা অন্যান্য সা সামগ্ৰী চুৰি কৰি লৈ যায়। অন্যহাতে ঘৰৰ সদস্যসকলে মাৰ্ঘেৰিটাৰ পৰা শিৱসাগৰৰ পৰিয়ালৰ লোকৰ ঘৰলৈ গৈ নিশা পলমকৈ ঘৰত উপস্থিত হোৱাত গৃহস্থই ঘৰত চোৰে লক্ষাধিক টকাৰ আ-অলংকাৰৰ লগতে মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ বিষয়ে জানিব পাৰে।উল্লেখযোগ্য যে মাৰ্ঘেৰিটা হিল্লভিও এলেকাত একাংশ সন্দেহজনক বিদেশী লোকে কিছুদিনৰ পৰা বাহৰ পাতি থাকি এনে চোৰি কাণ্ড সংঘটিত কৰি আহিছে বুলি সন্দেহ কৰিছে গৃহস্থই । 
শ্যামল নেওগ মাৰ্ঘেৰিটা NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here