এজন মানুহক তেওঁৰ ইচ্ছা কি বুলি যদি সোধা হয়, তেন্তে উত্তৰটো হয়তো এনেকুৱা হ’বঃ
” দুবেলা দুসাঁজ খাই পৰিয়ালৰ সদস্য কেইজনৰ সৈতে সুখেৰে টোপনি যোৱা।”
এই মূল ইচ্ছাটোকে ইফাল-সিফাল কৰি কোনোবাই হয়তো ক’ব- এটা ডাঙৰ চাকৰি, সকলো উপকৰণেৰে এটা বিলাসী ঘৰ, এখন ডাঙৰ গাড়ী। ইচ্ছামতে খৰচ কৰিব পৰাকৈ ধন, পাৰ্টি, ভ্ৰমণ, ইত্যাদি ইত্যাদি। কিন্তু এয়া নিশ্চিত যে কোনোৱেই নকয় ‘এখন যুদ্ধ লাগক’ বুলি। আনকি সৈন্য বাহিনীত নিযুক্ত প্ৰতিজন সৈনিকেও হয়তো ক’ব – “যুদ্ধ আমাক নালাগে”!
আমিও অনুভৱ কৰিব পাৰোঁ যুদ্ধৰ পৰিণতি। পৃথিৱীত কিছুমান মানুহৰ জন্ম হয় যিয়ে আনক যন্ত্ৰণা দি মনত তৃপ্তি লভে। সাধাৰণ মানুহক কষ্ট দি আনন্দ পায়। তেনেকুৱা বহু উদাহৰণ অতীতৰ বিভিন্ন সময়ত দেখা গৈছিল।
ইতিহাসে চুব পৰা সময়ত আমি পাওঁ – ফ্ৰান্সৰ সম্ৰাট ষোড়শ লুই আৰু তেওঁৰ পত্নীৰ স্বৈৰাচাৰৰ ভাৰে জনসাধাৰণৰ জীৱনত দাঙিব নোৱাৰা এটা বোজাৰ সৃষ্টি কৰিছিল। এটুকুৰা ৰুটি বিচাৰি জনসাধাৰণে ৰাজ পথত তাল-ফাল লগাইছিল। সেয়া যুদ্ধৰ কাহিনী নহয়, কিন্তু ৰাণী মেৰী এন্ট’নীওৰ বিলাসিতাৰ বেদীত জনসাধাৰণৰ তেজ টোপ টোপকৈ পৰিছিল ।
কুৰি শতিকাৰ এজন অন্যতম জঘন্য অপৰাধী আছিল এডল্ফ আইকমেন ৷ নাজী জাৰ্মানীৰ ইহুদি নিধন যজ্ঞৰ কচাই হিচাপে এডল্ফ আইকমেনৰ নাম পৃথিৱীৰ চৌ দিশে বিয়পি পৰিছিল৷
দ্বিতীয় বিশ্বযুদ্ধৰ নাজী বাহিনীৰ লেফটেনেন্ট কৰ্নেল এডল্ফ আইকমেনে তৈয়াৰ কৰা কনচেন্ট্ৰেচন কেম্পৰ নাম আছিল ‘ফাইনেল চল্যুচন’। জাৰ্মানীৰ দখলত থকা পূৱ ইউৰোপৰ দেশৰ ইহুদিসকলক নিধন কৰাৰ বাবে তৈয়াৰ কৰা ‘ফাইনেল চল্যুচন’ত বিভিন্ন ঠাইৰ পৰা ধৰি নি পোলেন্ডত ৫০ লাখ ইহুদীক হত্যা কৰিছিল। আইকমেনক কোৱা হৈছিল – The chief Executioner of the ‘Third Reich’.
এয়া চলিছিল কাৰোবাৰ নিৰ্দেশত কৰা হত্যা। মানৱ ইতিহাসৰ সৰ্বাধিক গণহত্যাৰ নায়ক জাৰ্মান নাজী দলৰ নেতা হিটলাৰৰ কথা কোনে নাজানে? তাৰ লগতে বেনিটো মুচোলিনী আৰু নেপোলিয়ন বোনাপাৰ্ট আছিল একো একোজন বিখ্যাত হত্যাকাৰী।
মানুহৰ চেহেৰা সলনি হয়, সলনি নহয় মনৰ বাসনা, দুৰাকাঙ্খা। নেপোলিয়নে পদদলিত কৰিছিল – পৃথিৱীৰ বিভিন্ন জাতিয়ে গঢ়ি তোলা
ইটালী, পোলেণ্ড, অষ্ট্ৰিয়া, হ’লেণ্ড, ছুইজাৰলেণ্ড, স্পেইন, ডেনমাৰ্ক, নৰৱে আদি দেশ। লগতে সেই দেশবোৰৰ সংস্কৃতি আৰু সভ্যতা। ক্ৰিমিয়াৰ যুদ্ধত কিমান মানুহ মৰিছিল তাৰ সঠিক হিচাপ-নিকাচ হোৱা নাই। ভৱিষ্যত কোনোবাই হিচাপ কৰাৰো কোনো অৰ্থ নাই।
অষ্ট্ৰিয়া-হাংগেৰীৰ সিংহাসনৰ উত্তৰাধিকাৰী ফাৰ্ডিনাণ্ডক ছাৰ্বিয়াৰ ছাৰাজেভ’ত হত্যা কৰিছিল যুগ’শ্লাভৰ জাতীয়তাবাদী নেতা গেভ্ৰিল’ প্ৰিন্চিপে। গেভ্ৰিল’ প্ৰিন্চিপে ইচ্ছাকৃত ভাবে ফাৰ্ডিনাণ্ডলৈ গুলী চলোৱা নাছিল। ফাৰ্ডিনাণ্ডৰ দুৰ্ভাগ্যই টানি আনিছিল প্ৰিন্চিপেৰ বন্দুকৰ বেৰেলেৰে সেই গুলীটোক। তাৰ আপেক্ষিক প্ৰতিক্ৰিয়া ইমানেই আছিল যে গোটেই পৃথিৱীৰ অলেখ মানুহৰ জীৱন আলোড়িত হৈছিল। নিযুত নিযুত জীৱনৰ বন্তি নিৰ্বাপিত কৰিবলৈ তাৰ শক্তি আছিল অপ্ৰতিৰোধ্য। কোনে জানিছিল সেই আপদীয়া বা অভিশপ্ত গুলীটোৱে সমগ্ৰ পৃথিৱীত প্ৰাণ হৰণ কৰিব ৯৭২১৯৩৭ জন সাধাৰণ নাগৰিক আৰু ৬৮২১২৪৮ জন যুদ্ধত ভাগ লোৱা সৈনিকৰ? যুদ্ধত মানুহ নিহত হৈছিল। সেয়া যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ। কিন্তু অপ্ৰত্যাশিত ভাবে নিহত হৈছিল পাঁচ মিলিয়ন লোক। খাদ্যৰ নাটনিত, বেমাৰৰ আক্ৰমণত আৰু কিমান লোক নিহত হৈছিল তাৰ সংখ্যা কোনে জানে?
ইতিমধ্যে ইউৰোপৰ বৃহৎ শক্তিসমূহৰ মাজত নৱ্য-সাম্ৰাজ্যবাদীৰ ভোক জাগি উঠিছিল। ইখন দেশ গচকি সিখন দেশ আগুৱাই যোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। কিন্তু প্ৰতিখন ৰাষ্ট্ৰৰ মানুহবোৰে অনুভৱ কৰিছিল শান্তিৰ বাতাৱৰণ।
মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগ-ভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ’ল’কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল।
কিন্তু এই বৃহৎ যুদ্ধখনৰ পিছফালে আছিল মাত্ৰ কেইজনমান মানুহৰ ক্ৰুৰ চিন্তা । সেই যুঁজত হোৱা ধংস, সকলোৱে দেখিলে। তথাপিয়ো পুনৰ সংঘটিত হ’ল দ্বিতীয়খন বিশ্বযুদ্ধ। সেইখন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ আধুনিক। শক্তিশালী আমেৰিকাই প্ৰয়োগ কৰিলে পৰমাণু বোমা- ধংসৰ নিৰ্ঘাত অস্ত্ৰ।
সেইবোৰ দেখি-শুনি এনে ভাব হয়- যেন সভ্য হ’বলৈ মানুহে কোনো দিনে নিশিকিলেই। সভ্যতাই মানুহক যেন অধিক কুটিল, অধিক হিংসুক কৰিহে তুলিছে। উন্নত বিধংসী অস্ত্ৰ-শস্ত্ৰ, ৰাডাৰ, তীব্ৰ বেগী মানৱ বিহীন যান, আৰু প্ৰযুক্তি কৌশলৰ অধিকাৰী হৈ সেইবোৰৰ শক্তিৰ দ্বাৰা পৃথিৱী শাসন কৰাৰ বাবে উন্মত্ত হৈ পৰিছে সভ্যতাৰ চৰম শিখৰত আৰোহণ কৰা মানুহ ।
দেশ এখন সমৃদ্ধিশালী হোৱাৰ মৌলিক উপকৰণ হৈছে – দেশখনত বসবাস কৰা সাধাৰণ মানুহবোৰৰ পৰিশ্ৰমৰ যৌথ সন্মিলন। কোনো শাসকৰ বাহুবলত নহয়। সাধাৰণ নাগৰিকে পৰিশ্ৰম কৰি সমৃদ্ধিশালী কৰা দেশ ইউক্ৰেইন আজি ধংসস্তুপত পোত গৈছে । তাত কিমানজন মানুহ বাচি আছে তাৰ হিচাপো হয়তো কাৰো হাতত নাই। কিন্তু ইউক্ৰেইনৰ শাসকে এতিয়াও ভাবি আছে – যুদ্ধত জয়ী হ’ব। কিবা প্ৰকাৰে জিকিলেই যেনিবা যুদ্ধ , জিকি উঠি ধংসস্তুপৰ ওপৰত বহি তেওঁ কাক শাসন কৰিব? কেনেকৈ প্ৰস্তুত কৰিব এখন আগৰ দৰে ৰাষ্ট্ৰ? সেই কথা এবাৰ ভাবি চালে হয়তো যুদ্ধখন আৰু কিছুদিনৰ আগতে এৰাই চলিব পৰা গ’লহেঁতেন। কিন্তু নিজৰ অহংকাৰ ত্যাগ কৰে কেনেকৈ? সেই অহংকাৰৰ সন্মুখত সাধাৰণ মানুহৰ যাতনা অৰ্থহীন। মানুহে এপদ এপদকৈ গঢ়ি লোৱা সম্পত্তি, সুখী জীৱন একোটা, শিশুৰ ভৱিষ্যত – এইবোৰত দেশখনৰ শাসকজনৰ বাবে মূল্য দিব লগীয়া একো কথাই নহয়। এই কথা ইতিহাসে বাৰে বাৰে প্ৰতীয়মান কৰিছে। কিন্তু শাসকে তাৰ পৰা একো নিশিকে, একো নেদেখে। কোনো শক্তিশালী (NATO) বন্ধুৰ আশ্ৰয়ত থকাতকৈ কাৰো আশ্ৰয় নোহোৱাকৈ স্বতঃস্ফুৰ্ত ভাবে দেশ চলোৱা হাজাৰ গুণে শ্ৰেয়। ইউক্ৰেইনৰ বাবে নাট’ সংঘৰ স্থিতি কি সেয়া সময়ত দেখা গৈছে।
ৰাছিয়াৰ যুক্তি অটল – কোনো কাৰণতে নাট’ (NATO)ক দেশৰ সীমান্তলৈ আহিব নিদিয়ে। আমেৰিকাৰ উচতনিত ইউক্ৰেইনে যি ইচ্ছা তাকে কৰি আছে। নিজৰ সামগ্ৰীক অৱস্থা কি পৰ্য্যায় পাইছেগৈ, তাক প্ৰত্যক্ষ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই তাৰ শাসনৰ গৰাকী । আমেৰিকাই নিবিচাৰে – পৃথিৱীৰ পৰা যুদ্ধ নাইকিয়া হওক। ৰাছিয়াই বিচাৰে ইউক্ৰেইনে এবাৰ মাত্ৰ সৰু হৈ দিয়ক। একেই কাহিনী – অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শন ক’ত কৰিব? কিহৰ বাবে এই বিধংসী অস্ত্ৰ-শস্ত্ৰ, যদি প্ৰয়োগেই নহ’ল ? ৰাছিয়াৰ চিন্তা – পেলাই দিব লগীয়া অস্ত্ৰ-শস্ত্ৰবোৰ এবাৰ ব্যৱহাৰ কৰি চোৱা যাওক। তাৰ মাজে মাজে ব্ৰহ্মাস্ত্ৰ এৰাৰ ভাবুকি দি আছে ৰাছিয়াই। হয়তো এবাৰ এৰিবও পাৰে। নিজে সকলো সুৰক্ষা নিশ্চিত কৰি আনৰ জীৱনত বিষ প্ৰয়োগ কৰাটো ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ বাবে সাধাৰণ কথা।
মহাভাৰৰ কুৰুক্ষেত্ৰতো ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগ এবাৰ হৈছিল – অশ্বত্থামাৰ দ্বাৰা। দ্বিতীয় বিশ্বযুদ্ধত হোৱা ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগৰ পৰিণতি সকলোৱে দেখিছে। পৰমাণু বোমাৰ বিধংসী ক্ৰিয়া দেখিও তাক এবাৰ পৰীক্ষা কৰি চোৱাৰ লোভ নে নিজে অমৰ হোৱাৰ লোভ – সেয়া কেৱল পুটিনেহে জানিব।
দ্বিতীয় বিশ্বযুদ্ধত সাধাৰণ মানুহৰ আলাই- আথানি হৈছিল। তাকে লৈ পৃথিৱী নিয়ন্ত্ৰণ কৰা নেতাসকলৰ মুৰৰ বিষ নাছিল । মানুহ মৰি শেষ হৈ যোৱাৰ পিছত বিশ্ব সংঘ (UNO) খুলিছিল। আজি বিশ্বসংঘ নিৰৱ।
মানুহৰ আলাই-আথানি হৈছে আৰু হৈয়েই থাকিব। পৃথিৱীখনৰ পৰিবেশ নষ্ট কৰি কোটি কোটি সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰাতেই শক্তিশালী ৰাষ্ট্ৰৰ মূৰব্বীসকলৰ সফলতা। আমাৰ জীৱনৰ সমৃদ্ধি আৰু মৃত্যুৰো সীমাবদ্ধতা তাতেই। তাৰ ওপৰতে হয়তো কোনোবাই অশ্বমেধ যজ্ঞৰ ঘোঁৰাও দৌৰাব। প্ৰজাহীন ৰাষ্ট্ৰৰ সম্ৰাট হোৱাৰ আকাঙ্খাত সকলো মত্ত হ’ব । এইবোৰ নিৰ্ভৰ কৰে কেৱল মানুহৰ ইচ্ছাৰ ওপৰত।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ