Saturday, March 18, 2023
HomeAssameseমানখোৱা আৰু এঠেঙীয়াত আটছাৰ উদ্যোগত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

মানখোৱা আৰু এঠেঙীয়াত আটছাৰ উদ্যোগত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে জিলাখনৰ কেইবাখনো চাহ বাগিচাত আটছাই ধাৰাবাহিকভাৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আটছাৰ ৰূপাই চাইডিং উপ-শাখা সমিতিৰ উদ্যোগত মানখোৱা আৰু এঠেঙীয়া প্ৰাথমিক গোটৰ সহযোগত বাগিচাখনৰ চাহ শ্ৰমিক সকলৰ সহযোগত আজি মানখোৱা চাহ বাগিচা কাৰ্যালয়ৰ সন্মূখত দুই ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাহ বাগিচা সমূহৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ তৰফৰ পৰা বাগিছা পৰিচালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments