মাদ্ৰাছাক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত

7

মাদ্ৰাছাক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্বপুৰ্ণ সিদ্ধান্ত

এতিয়াৰে পৰা মাদ্ৰাছাত পঢ়াব পাৰিব কেৱল TET উত্তীৰ্ণ শিক্ষকসকলেহে। উত্তৰ প্রদেশৰ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। মাদ্ৰাছা আধুনিকীকৰণ আঁচনিৰ অধীনত এতিয়াৰে পৰা মাদ্ৰাছাসমূহত কেৱল TET উত্তীৰ্ণ যোগ্যতা সম্পন্ন শিক্ষকহে নিয়োগ কৰিব। শিক্ষক নিযুক্তিৰ বাবে শিক্ষক যোগ্যতা পৰীক্ষা (TET) অনুষ্ঠিত কৰিব। কেৱল ৰাজ্যিক TET উত্তীৰ্ণ প্ৰাৰ্থীসকলেহে মাদ্ৰাছাসমূহত শিক্ষক নিযুক্তিৰ বাবে যোগ্য হ’ব। নিযুক্তি প্ৰক্ৰিয়াৰ নিয়মসমূহ সোনকালেই সংশোধন কৰিব উত্তৰ প্রদেশ চৰকাৰে। তদুপৰি মাদ্ৰাছা আধুনিকীকৰণ আঁচনিৰ অধীনত মাদ্ৰাছাসমূহৰ শিক্ষা হ্ৰাস কৰি কেৱল গুৰুত্বপূৰ্ণ বিষয় যেনে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আদিৰ দৰে বিষয়ৰ ওপৰতহে গুৰুত্ব দিব। চৰকাৰে সিদ্ধান্ত লৈছে যে নতুন শিক্ষা ব্যৱস্থাত ২০℅ নিম্ন শিক্ষা আৰু ৮০℅ আধুনিক শিক্ষা প্ৰদান কৰা হ’ব। আধুনিক শিক্ষা শিকোৱাৰ বাবে আলিয়া পৰ্যায়ৰ মাদ্ৰাছাসমূহত এজন শিক্ষক, পঞ্চম শ্রেণীলৈকে ৪ জন শিক্ষক, ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে ২ শিক্ষক, নৱম আৰু দশম শ্রেণীত ৩ জন শিক্ষকক নিযুক্তি দিয়া হ’ব। ইয়াৰোপৰি মাদ্ৰাছা শিক্ষা উন্নত কৰাৰ বাবে ‘UP Madrasa E- Learning’ নামে এক মোবাইল এপো মুকলি কৰিছে। ইয়াৰ লক্ষ্য শিশুসকলক ডিজিটেল শিক্ষাৰ সৈতে সংযোগ কৰা আৰু প্ৰয়োজনীয় সুবিধা প্রদান কৰা। ইয়াৰ জৰিয়তে শিশুৱে মোবাইলৰ সহায়ত অধ্যয়ন কৰিব পাৰিব, লগতে পৰম্পৰাগত পদ্ধতিৰে অধ্যয়ন কৰিবলৈ সক্ষম হ’ব। লগতে শিক্ষার্থীসকলে নিশাৰ সময়তো শ্ৰেণীত উপস্থিত থাকিব পাৰিব আৰু শিক্ষাৰ্থীসকলে নিজৰ সুবিধা অনুযায়ী যিকোনো শ্রেণী অধ্যয়ন কৰিব পাৰিব।

National Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here