মাত্র ৩ লাখ টকাৰ বাবে তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়িছে ১৭ বৰ্ষীয় কিশোৰী

0
1695

প্রয়োজন মাত্র ৩ লাখ টকা । এই টকা পালেই প্রাণ ৰক্ষা পৰে ১৭ বছৰীয়া অতি দুখীয়া  পৰিয়ালৰ মেধাবী ছাত্ৰী মনিকা পালৰ। এই টকা খিনিৰ বাবে চকুপানী টুকিছে মণিকাৰ পিতৃ তথা দুৰ্ভোগীয়া পৰিয়ালটোৱে । ইমান টকা যোগাৰ কৰাৰ সামৰ্থ্য নোহোৱা পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই কোনো ব্যক্তি তথা সংগঠন । এটুপি পানীও পেটলৈ নিব নোৱাৰা , তিলে তিলে সকলোৰে চকুৰ সন্মুখত মৃত্যুৰ দিশলৈ আগুৱাই যোৱা  কাটিগড়া বিধানসভা সমষ্টিৰ কালাইন বজাৰৰ অত্যন্ত দুখীয়া ব্যাক্তি কৃপাময় পালৰ কন্যা মনিকা পাল। প্রসঙ্গত উল্লেখ্য কালাইন বজাৰ অঞ্চলত বহু ব্যাক্তি আছে যিয়ে মাত্র নিজৰ আমোদৰশ বাবে কোটি কোটি টকাৰে সা সম্পত্তি ক্রয় কৰিব পাৰে মুহুৰ্ততে , কিন্তু দুখীয়া অসহায় মনিকাৰ বাবে এটা টকাৰ সহায়  কৰাৰ মানসিক স্থিতি নাই তেওলোকৰ !


   জনা গৈছে, বিগত বছৰৰ নভেম্বৰ মাহত কালাইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্রী মনিকাৰ হঠাৎ পেটৰ বিষ আৰম্ভ হয়। আনৰ পৰা টকা ধাৰ কৰি শিলচৰ,গুৱাহাটিকে ধৰি হায়দৰাবাদ পর্যন্ত চিকিৎসাৰ বাবে লৈ যোৱা হয় মণিকাক। হায়দৰাবাদৰ এচিয়ান ইন্সটিটিউট অফ গ্যাস্ট্রোএন্ট্রলজিৰ চিকিৎসকে  জনায়, মনিকাৰ প্যানক্রিয়াইটিস অপাৰেচন কৰিব লাগিব । প্রয়োজন মাত্র ৩ লাখ টকা। কিন্তু  টকা অভাৱত ছয়মাহৰ ঔষধ সহ মণিকাক লৈ ওভতি আহে পিতৃ । ছয়মাহৰ ঔষধও বর্তমান শেষ হৈছে । এতিয়া মনিকাৰ এনে অবস্থা হৈছে গৈ যে এটুপি পানী খালেও পেটত ভীষণ বিষ আৰম্ভ হৈ যায়। অন্য খাদ্যটো দুৰৈৰ কথা । চিকিৎসকেও মনিকাৰ পিতৃক স্পষ্ট ভাৱে কৈ দিছে, হয় অপাৰেচন কৰাওক অথবা  তাইক কোনো খাদ্য নিদিয়াকৈ থাকক। মনিকাক সমগ্ৰ দিন বিছানাত বহি থাকিব লগা  হয় কাৰণ সামান্য হাওলিলেই আৰম্ভ হয় অসহ্য পেটৰ বিষ। 
     মনিকাৰ পিতৃ কৃপাময়ে অঞ্চলটোৰ এখন গহনাৰ দোকানত কাম কৰে। তেওঁ‌ নিজেও উচ্চ ৰক্তচাপৰ ৰোগী। প্রেচাৰৰ ঔষধ কিনাৰ বাবেও তেওঁ‌ক মানুহৰ ওচৰত হাত পাতিব লগা হয়।  ঠিক সেইসময়তে মাত্র তিন লাখ  টকাৰ বাবে  জীয়ৰীক  তিলে তিলে মৃত্যুৰ দিশে আগুৱাই যোৱা দেখি কাতৰ আহব্বান জনাইছে পুতৃ কৃপাময়ে । এনই ইন্ডিয়াৰ ৰিপোর্টাৰৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত অশ্ৰুসিক্ত নয়নেৰে কলে, কন্যাৰ বাবে মূখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দৃষ্টি আকর্ষণ কৰাবলৈ তেওঁ‌  বিধায়ক অমৰচাঁন্দ জৈননো ওচৰ চাপিছিল। বিধায়ক জৈনে আশ্বাস দিছিল যদিও ফলাফল একো নোলাল । ইয়াৰোপৰি স্থানীয় বিজেপি মন্ডল সভাপতি বিপ্লৱ কান্তি পালৰ ওচৰলৈ তেওঁ‌ গৈছিল। বিপ্লৱ পালে তেওঁ‌ক  ধৈর্য ধৰাৰ কথাহে কলে । কিন্তু কোনো ফালৰ পৰা সাহায্য নাহিল ।  আনফালে  প্রতিদিনে  মনিকাই খাদ্য খাবলৈ নোৱাৰি  তিল তিল কৈ মৃত্যুমুখলৈ আগবাঢ়িছে , যিটো তেওঁ‌ অসহায় পিতৃ হিচাপে চকুৰ  সন্মুখত চাই থাকিবলৈ  বাধ্য হৈছে ।  কৃপাময় পালে সংবাদ মাধ্যম জৰিয়তে  জনগণৰ ওচৰত কাতৰভাবে ভিক্ষা বিচাৰিছে  যাতে তেওঁ‌ নিজৰ জীয়ৰী মনিকাক সুস্থ কৰি জীয়াই ৰাখিব পাৰে। 
  অঞ্চলটোৰ  দুই বিশিষ্ট শিক্ষাবিদ পৰেশ চন্দ্র পাল আৰু নিৰঞ্জন মোহন দাসে জানিব দিলে, মনিকা অত্যন্ত মেধাবী ছাত্রী। কিন্তু অসুখৰ বাবে মেট্রিক পৰীক্ষা দিব নোৱাৰিলে। এই দুই শিক্ষাবিদ দুগৰাকীয়ে মনিকাৰ অপাৰেচনৰ  বাবে ব্যাক্তিগতভাবে সহায় কৰা ৰ প্ৰতিশ্ৰুতি দিয়ে লগতে  সর্বস্তৰৰ জনগণৰ ওচৰত সাহায্যৰ বাবে  আবেদন জনালে। যদি কোনও সহৃদয় ব্যাক্তিয়ে মানৱতাৰ স্বাৰ্থত মনিকা পালক সুস্থ কৰি তোলাৰ বাবে  সাহায্য কৰিব বিচাৰে তেন্তে তলত উল্লেখ কৰা বেংক একাউন্ট  যথাসাধ্য আর্থিক সাহায্য কৰিবলৈ অনুৰোধ জনালে পিতৃ তথা পৰিয়ালবৰ্গই । 
Bank account : 2014000100069106 
account holder:  Ajit pal 
Punjab national bank 
Branch : Hilara
IFSC : PUB 0201400 
Phone : 9954351500

https://youtu.be/aqck1WVloQo?t=35

( প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here