মাতৃ হিৰাবেন মোডীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ ! জনালে জন্মদিনৰ শুভেচ্চা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হিৰাবেন মোডীৰ আজি জন্মদিন । ১০০ বছৰত ভৰি দিলে হিৰাবেন মোডী । দুদিনীয়া ভ্ৰমণসুচী লৈ গুজৰাটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে গান্ধীনগৰস্থিত বাসভৱনত উপস্থিত হয় । মাতৃ হিৰাবেন মোডীক ১০০ বছৰীয়া জন্মদিনত শুভকামনা জনাই প্ৰধানমন্ত্ৰীয়ে । মাতৃৰ ওচৰত মজিয়াত বহি বাৰ্তালাপ কৰে ।
মাতৃৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ যোগেৰে শুভকামনা জনায় লগতে পুৰণি স্মৃতিয়ো ৰোমন্থন কৰে । প্ৰধানমন্ত্ৰীয়ে লিখিছে , মা মাথো এটা শব্দ নহয় , এয়া জীৱনৰ এনে এক অনুভৱ , যত স্নেহ , ধৈৰ্য্য , বিশ্বাসৰ লগতে বহু কথাই অৰ্ন্তনিহিত হৈ আছে ।

মাতৃয়ে শতাব্দী বৰ্ষত খোজ পেলোৱাৰ সময়ত মোৰ আনন্দ আৰু সোভাগ্য প্ৰকাশ কৰিছো ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাতৃৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ উপৰি জন্মদিন উপলক্ষে মাতৃক মিঠাই খুৱাই । গান্ধীনগৰৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিয়ালৰ সদস্য সকলক সাক্ষাৎ কৰে । তাৰপিচতে প্ৰধানমন্ত্ৰীয়ে আন কাৰ্যসুচীত অংশ লবলৈ বিদায় লয় মাতৃ তথা পৰিয়ালবৰ্গৰ পৰা ।
National Desk , Ne India News