মাজুলীত সদৌ অসম ভিত্তিত আয়োজিত ভাওনা সমাৰোহৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0
416

মাজুলীত সদৌ অসম ভিত্তিত আয়োজিত ভাওনা সমাৰোহৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মাজুলীৰ আউনীআটী সত্ৰৰ উদ্যোগত মণিকাঞ্চন ৰংগক্ষেত্ৰত আয়োজিত অষ্টম বাৰ্ষিক অসম ভাওনা সমাৰোহত কালি সন্ধিয়া অংগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ে। লখিমপুৰৰ সন্মানীয় সাংসদ প্ৰদান বৰুৱাদেৱৰ সৈতে মঙ্গলবাৰে সন্ধিয়া আউনিআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী মহোদয়ে সদৌ অসম ভিত্তিত আয়োজিত ভাওনা সমাৰোহখনিৰ কালি দশম নিশাৰ ভাওনা উদ্বোধন কৰে। আউনীআটীয় সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ শ্ৰীদেৱানন্দ দেৱগোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব শ্ৰীসুদৰ্শন ঠাকুৰ, ডিএনপিএলৰ অধ্যক্ষ শ্ৰীৰূপম গোস্বামীৰ উপস্থিতিত এই ভাওনা প্ৰদৰ্শন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱাল মহোদয়ে কয়, ‘মাজুলীৰ পৰাই বিশ্বই শান্তি আৰু আধ্যাত্মিকতাৰ বাণী আহৰণ কৰিব পাৰে। আধ্যাত্মিক চিন্তা-চেতনা আৰু সম্প্ৰীতিৰ প্ৰগাঢ় ভাৱনাৰে সদা বিধৌত পৱিত্ৰ ভূমি মাজুলী। এইখন মাজুলীৰ বুকুত যিয়েই জন্মগ্ৰহণ কৰিছে, তেঁৱেই ভাগ্যবান। বৈষ্ণৱ প্ৰাণ ৰাইজ, ভকত-বৈষ্ণৱৰ সমাবেশে আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত গঢ়া আধ্যাত্মিক পৰিবেশত অংশগ্ৰহণেৰে ধন্য হ’বলৈকে আজি ময়ো ইয়ালৈ আহিছো। মই নিজকে অতি সৌভাগ্যবান হিচাপে বিবেচনা কৰো, কিয়নো মাজুলীত মই সত্ৰাধিকাৰ প্ৰভুসকলৰ সান্নিধ্য-আশীষ লাভ কৰাৰ সুবিধা পাইছো।

সত্ৰাধিকাৰ প্ৰভুসকলৰ মাৰ্গদৰ্শন আৰু সত্ৰসমূহে প্ৰদান কৰা আধ্যাত্মিক বাতাবৰণে আমাক মানসিক শক্তি দিয়ে, আধ্যাত্মিক চিন্তা-চেতনাৰ পৰা আহৰিত নিৰ্মল আনন্দ, শান্তি দিয়ে। সেইফালৰ পৰা অসমৰ ১২৬গৰাকী বিধায়কৰ মাজত ময়েই একমাত্ৰ এই সৌভাগ্য আহৰণ কৰিবলৈ পাইছো বুলি সদায়ে অনুভৱ কৰি আহিছো। মুখ্যমন্ত্ৰী লগতে কয় যে মাজুলীৰ এই আধ্যাত্মিক পৰিবেশ আৰু সত্ৰাধিকাৰ প্ৰভুসকলৰ পৰাই আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰো। ভক্তি ভাৱৰ যোগেদি সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি বুলি আমাৰ সত্ৰসমূহে দেখুৱাই আহিছে। ‘ভক্তিভাৱ, আধ্যাত্মিকতা আৰু প্ৰমূল্যৰ আধাৰত গঢ় এনে এখন সমাজেই হ’ব আদৰ্শ সমাজ’– এই কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাওনাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ শিক্ষা ল’ব পাৰে আৰু নিজৰ মন-মগজু-শৰীৰকো জীপাল কৰি ৰাখিব পাৰে। মুখ্যমন্ত্ৰী সোণোৱালয়ে মণিকাঞ্চন ৰংগক্ষেত্ৰত আজি নিশা ‘ধ্ৰুৱ চৰিত্ৰ’ ভাওনাখন উদ্বোধন কৰাৰ লগতে কিছু অংশ উপভোগ কৰে।
দেৱজিত বৰা, মাজুলী, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here