মাজুলি সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল বিজেপি প্ৰাৰ্থী ভুৱন গামৰ 

61

মাজুলি বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হব লগা উপনিৰ্বাচনৰ বাবে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী ভুৱন গামে । দীৰ্ঘদিন ধৰি নদী দ্বীপ মাজুলিৰ আৰ্থ সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰি অহা সমাজকৰ্মী ভুৱন গামে বিৰোধী প্ৰাৰ্থীক অনাসায়ে পৰাজিত কৰিব পাৰিব বুলি আত্মবিশ্বাসী ৰাজ্যিক বিজেপিৰ নেতৃত্ব বৰ্গ । মনোনয়ন পত্ৰ প্ৰদানৰ পুৰ্বে বিজেপি প্ৰাৰ্থী গৰাকী অংশগ্ৰহণ কৰে এক নিৰ্বাচনী ৰেলীত । ৰেলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । লগতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা , ডঃ ৰণোজ পেগু আৰু বিমল বৰা । মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসুচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা , সাংসদ প্ৰদান বৰুৱা বিধায়ক নৱ কুমাৰ দলে  , মানৱ ডেকা । 

ReplyForward

LEAVE A REPLY

Please enter your comment!
Please enter your name here