Home Assamese মাকুম ২নং হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

মাকুম ২নং হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

48

মাকুম ২নং হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

সোমবাৰে আবেলি এটা নাহৰফুটুকী বাঘে খাদ্যৰ সন্ধানত তিনিচুকীয়া জিলাৰ মাকুম ২ নং হেবেদা গাঁৱত প্ৰৱেশ কৰি গাঁও খনৰেই মুকুট মৰাণ নামৰ ব্যক্তি এজনক আক্ৰমণ কৰে।

পৰৱৰ্তী পৰ্যায়ত গাঁৱৰ ৰাইজে চিঞৰ-বাখৰ কৰাত দিলৌ মৰাণ নামৰ লোক এজনৰ বাৰীত থকা বৃহৎ আকাৰৰ আম গছ এজোপাত নাহৰফুটুকীটোৱে আশ্ৰয় লয় । গাঁৱৰ ৰাইজে ততাতৈয়াকৈ স্থানীয় লাংকাচি আৰক্ষী চকীত খবৰ দিয়াত
উক্ত স্থানত ডিগবৈ বন সমণ্ডলৰ বন বিষয়া আৰু লাংকাচি আৰক্ষী
উপস্থিত হৈ বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ ডিব্ৰুগড়ৰ বন্যপ্ৰাণীৰ বিশেষজ্ঞ দল এটা মোটায়ন কৰে। অৱশ্যে বন্যপ্ৰাণীৰ বিশেষজ্ঞ দলটো পলমকৈ উপস্থিত হোৱাত নিশা বাঘটো উক্ত স্থানৰ পলায়ন কৰে যদিও এতিয়াও গাঁও খনত আতংকময় পৰিবেশে বিৰাজ কৰি আছে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News    

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here