মাকুম হাপজান ১৩ নং লাইনত পবিত্ৰ কৰম পূজাৰ বৰ্ণাঢ্য আয়োজন
এতিয়া ৰাজ্যৰ চৌদিশে কৰম পূজাৰ আনন্দ।
প্ৰৱহমান কালৰে পৰা কৃষিজীৱী চাহ জনগোষ্ঠী লোকসকলে ভোক-পিয়াহ,ৰ’দ-বৰষুণ আদি সকলো নেওচি অশেষ কষ্টৰে শালী খেতিৰ কাম শেষ কৰি ভাদ মাহৰ শুক্ল একাদশী তিথিত অতি উলস-মালসেৰে পালন কৰি আহিছে এই পবিত্ৰ কৰম পৰব।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ মাকুম হাপজান ১৩ নং লাইনৰ কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু হাপজান ১৩ নং লাইনৰ ৰাইজৰ সহযোগত ৰাজহুৱা খেলপথাৰত শনিবাৰে এদিনীয়া বিস্তৃত কায্যসূচীৰে অষ্টম বাৰ্ষিক কৰম সন্মিলনখনি অনুষ্ঠিত হৈ যায় ।
Read more–কৰম পূজা – আদিবাসী সকলৰ জাতীয় উৎসৱ
পুৱাৰে পৰা বিভিন্ন ধৰণৰ খেল-ধেমালি ,পতাকা উত্তোলন,আদিৰে আৰম্ভণি হোৱা কৰম সন্মিলন খনি নিশা পৰম্পৰাগত কৰম আখড়া , ঝুমুৰ ইত্যাদিৰে বিভিন্ন দল সংগঠন,বিশিষ্ট ব্যক্তি উপস্থিটিত সফল সামৰণি পৰে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News