মাকুম আৰক্ষী আৰু মাকুম টাউন কমিটৰ উদ্যোগত বাইকৰেলী
দেশৰ ৭৫ সংখ্যক স্বাধীনত দিৱসৰ লগত সংগতি ৰাখি আজাদি কা অমৃত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগা কায্যসূচীত আজিৰে পৰা ১৫ আগষ্ট লৈকে সুচাৰুভাৱে উদযাপন কৰা লক্ষ্যৰে আজি মাকুম পৌৰ সভা আৰু মাকুম পুলিচ ৰ যৌথ সহযোগত ভাৰতীয় ত্রিৰংগা পতাকা লৈ এক বিশাল বাইক ৰেলী বাহিৰ কৰে। মাকুম স্থিত মাকুম পৌৰ সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি 2 apbn হৈ পুনৰ মাকুম চহৰত উপস্থিত হয় বাইক ৰেলী।উক্ত বাইক ৰেলী ত ২০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে।