শনিবাৰে হাপজান প্ৰাথমিক বিদ্যালয়ত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত হাপজান শাখা ছাত্ৰ সন্থা গঠন উদ্দেশ্যি এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
সভাত সভাপতিত্ব কৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ স্থায়ী সভাপতি প্ৰবেন ফুকনে । সভাৰ উদ্দেশ্য ব্যাখ্যা আত ধৰে সন্থাৰ সাধাৰণ সম্পাদক শিবা দাসে। সভাত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহঃ সম্পাদক জিতেন্দ্ৰ চুতীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰাঞ্জল দাস, সহঃ সম্পাদক বিকাশ প্ৰসাদ আৰু বিষয় ববিয়া সকল।
উদ্দেশ্য ব্যাখ্যাৰ লগতে তেখেতে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ বিষয়ে নিজকে কেনেকৈ আচাৰ-ব্যৱহাৰ ভাল কৰি সমাজত প্ৰতিষ্ঠিত হ’ব পাৰিব।
উদ্দেশ্য ব্যাখ্যাৰ উদ্দেশ্যি সহঃ সম্পাদক জিতেন্দ্ৰ চুতীয়াই কয় আছুত সদস্য হ’লে ৰাইজৰ হকে কেনেকৈ আচাৰ-ব্যৱহাৰ কৰিব লাগিব তাৰো ওপৰি কৰ্ম সংস্কৃতিৰ কথাও তেখেতে কয়।
সভাৰ অন্তত ৰাজহুৱা সভাই সৰ্ব-সন্মতিত দিপক ঠাকুৰক সভাপতি আৰু সাধাৰণ সম্পাদক দামানি কৰ্মকাৰক নিৰ্বাচিত কৰি ৪৫ জনীয়া শক্তি শালি এখন কমিটী গঠন কৰে।
নৱ গঠিত শাখা ছাত্ৰ সন্হা খনিয়ে শৈক্ষিক উত্তৰণৰ লগতে ৰাইজৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে আঞ্চলিক ছাত্ৰ সন্হাৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে ।
ৰন্টু বৰশইকীয়া ,মাকুম ,Ne India News