অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে জিলাখনৰ কেইবাখনো চাহ বাগিচাত আটছাই ধাৰাবাহিকভাৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আটছাৰ বেতজান উপ-শাখা সমিতিৰ উদ্যোগত বেতজান চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ সহযোগত আজি বেতজান চাহ বাগিচা কাৰ্যালয়ৰ সন্মূখত দুঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰা, বাগিচাৰ বাট-পথসমূহ উন্নত কৰা, চাহ বাগিচাৰ শিক্ষিত যুৱক-যুৱতী সকলক কৰ্মসংস্থাপন দিয়াৰ লগতে চাহ বাগিচা সমূহৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধানৰ দাবীত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ অন্তত আটছাৰ তৰফৰ পৰা বাগিছা পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয় ।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া,Ne India News