তিনিচুকীয়া জিলাৰ মাকুম তৰুণ নগৰৰ এগৰাকী সাধাৰণ ব্যক্তি । বিগত ২২ বছৰে অঞ্চলটোত যানবাহন নিয়ন্ত্ৰণ কৰি অঞ্চলজুৰি ভুয়ুসী প্ৰশংসা বুটলিছে । দীপক দাস নামৰ এই গৰাকী ব্যক্তিয়ে দৰ্জি হিচাবে জীৱনৰ পেচা আৰম্ভ কৰিছিল । প্ৰতিদিনে পুৱা ন-দহ বজাৰ পৰা ব্যস্ত মাকুমৰ এ,টি ৰোডত তেওঁ আৰম্ভ কৰে জীয়াই থকাৰ জীৱন সংগ্ৰাম, দৰ্জি হিচাপে কাম কৰে । ইয়াৰোপৰি গাওৰক্ষী বাহিনীৰ কামত থানালৈ মাতিলেই ঢাপলি মেলে দিপক দাসে। এইয়া তেওৰ জনসেৱা। বিয়লি দুই বজাৰ পৰা অতি ব্যস্ত হৈ পৰা মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় পথত এইগৰাকী দীপক দাসে ৰাতিলৈকে যান-বাহন নিয়ন্ত্ৰণৰ বাবে নামি পৰে । পেচাত আৰক্ষী নহলেও খাকী পোচাক পিন্ধি মাকুমৰ আৰক্ষীক সদায়ে সহায় আগবঢ়াই আহিছে দীপক দাসে। মুখ্যমন্ত্ৰী গৃহ বিভাগত মাকুমৰ এই গৰাকী অতি সাধাৰণ ব্যক্তিৰ সেৱা এক উল্লেখযোগ্য । সদায়ে তেওঁৰ এটাই আশা হোমগাৰ্ড হবলৈ তেওঁক যদি চৰকাৰে কিছু মৰম কৰে, নিশ্চয় বছৰ বছৰ ধৰি কৰি অহা জনসেৱাৰ এইয়া যেন এক স্বীকৃতি হব।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News