Sunday, December 4, 2022
HomeAssameseমাকুমত E-rickshawৰ বেটাৰী চোৰৰ উপদ্ৰৱ

মাকুমত E-rickshawৰ বেটাৰী চোৰৰ উপদ্ৰৱ

মাকুমত E-rickshawৰ বেটাৰী চোৰৰ উপদ্ৰৱ

যোৱা সোমবাৰে নিশা মাকুমৰ নিবাসী মনোজ চৌধুৰী নামৰ E-rickshaw চালক এজনৰ বাস গৃহৰ পৰা ই-ৰিক্সা খনৰ পৰা দুটাকৈ বেটাৰী চুৰি হোৱাৰ লগতে কিছুদিন পূৰ্বে সূৰ্য কুমাৰ বৰুৱা নামৰ ব্যক্তি এজনৰ ই-ৰিক্সা খনৰ পৰা বেটাৰী চুৰি হৈছিল,পৰবৰ্তী পৰ্যায়ত মাকুম ই-ৰিক্সা চালক সকলে বিশেষ সূত্ৰ পমখেদি মঙলবাৰে AS23AE-1289 নম্বৰৰ এখন স্কুটিত অহা তিনিটা চোৰক ধৰিবলৈ সক্ষম হয় যদিও তাৰে ভিতৰত দুটাকৈ চোৰ পলায় যাবলৈ সক্ষম হয়,ইপিনে চোৰ ধৰিবলৈ যাওঁতে সূৰ্য কুমাৰ বৰুৱা নামৰ ই-ৰিক্সা চালক জন গুৰুত্ব ভাৱে আঘাত প্ৰাপ্ত হয়।

মাকুমত ই-ৰিক্সাৰ বেটাৰী চোৰৰ উপদ্ৰৱ

ইতিমধ্যে আটক হোৱা বেটাৰী চোৰ জনক স্কুটি খন সহ ই-ৰিক্সা চালক সকলে এখন এজাহাৰ সৈতে মাকুম আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে মাকুম অঞ্চলত দীৰ্ঘ দিন ধৰি এনে ধৰণৰ চুৰি কাৰ্য চলি থকা ঘটনাই সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments