Sunday, December 4, 2022
HomeAssameseমাকুমত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

মাকুমত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

মাকুমত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

সমগ্ৰ দেশত শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰ কিম্বা প্ৰশাসন যিমানেই সৰৱ নহওঁক কিয় কিন্তু এচাম দুষ্ট চক্ৰই চৰকাৰ নাইবা প্ৰশাসনৰ শিশু সুৰক্ষা আইন সমূহক কেৰেপ নকৰা পৰিলক্ষিত হৈছে,ফলত দেশ খনত নাইবা ৰাজ্য খনত শিশু অপৰাধমূলক কাৰ্য বৃদ্ধি পাবলৈ ধৰিছে।

তাৰ সমান্তৰাল ভাৱে তিনিচুকীয়া জিলা মাকুম বৃহত্তৰ অঞ্চলত শিশু শ্ৰমিকৰ সংখ্যা দিনক-দিনে বাঢ়িবলৈ ধৰিছে ,সেয়েহে মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ,মাকুম আৰক্ষী আৰু জিলা শিশু শ্ৰমিক বিৰোধী বাহিনী লগতে তিনিচুকীয়া শিশু সুৰক্ষা সমিতিৰ সহযোগত সমগ্র মাকুম চহৰ খনত অভিযান চলাই মাকুম ডিগবৈ ৰোডস্থিত কালু খান নামৰ লোক এজনৰ ডেম্পৰ পৰা দুটি শিশু শ্ৰমিক উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা শিশু দুটিক অভিযানকাৰী দল কেইটাই তিনিচুকীয়া সদৰ লৈ যোৱাৰ লগতে চহৰখনৰ প্ৰত্যেক খন বিপনি নাইবা হোটেল সমূহক অনাগত দিনত শিশু শ্ৰমিক সকলক নিয়োজিত নকৰিবলৈ সকীয়নি প্ৰদান কৰে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments