Home Assamese মাকুমত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুল মুকলি

মাকুমত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুল মুকলি

158

মাকুমত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুল মুকলি

গাড়ী চালক হোৱা ইচ্ছুক সকলৰ বাবে সুখবৰ। বহু প্ৰতীক্ষাৰ অন্তত তিনিচুকীয়া জিলাৰ মাকুম ডিগবৈ ৰ’ডস্থিত গংগা পাৱাৰ লাইভ বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত হোৱা তিনিচুকীয়া জিলা পৰিবহন বিষয়াৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত মাকুম মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুল খন সোমবাৰে আনুষ্ঠানিক ভাৱে
মুকলি কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে।
উক্ত মুকলি অনুষ্ঠানটিত গংগা পাৱাৰ লাইভ বেচৰকাৰী সন্থাৰ সভাপতি প্ৰশান্ত তিনিকুৰীয়া,মনোমহোন ধাদুমিয়া প্ৰমুখ্যে কৰি মাকুম পৌৰ সভাৰ পৌৰপতি বিপাশা বৰা উপস্থিত থাকে।
উল্লেখযোগ্য যে এই প্ৰশিক্ষণ কেন্দ্ৰটিত বাহন চলোৱাৰ পৰা বাহনৰ যন্ত্ৰপাতিৰ প্ৰাথমিক মেৰামতি কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰো সেৱা উপলব্ধ থাকিব বুলি সন্থাটোৰ বিষয়া-ববীয়া সকলে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here