মাকুমত তাই আহোম ভাষা ,সংস্কৃতিৰ বিনামূলীয়া পাঠদান

15

মাকুমত তাই আহোম ভাষা ,সংস্কৃতিৰ বিনামূলীয়া পাঠদান

তাই আহোম সকলৰ ভাষা-সংস্কৃতি বিশ্ব পৰিচিত,ত্তাঈ আহোম সকলৰ ইতিহাস বুৰঞ্জীত সোণালী আখৰে লিপিবদ্ধ হৈ আছে,অসমত তাই ভাষা লিখা বা পঢ়াটো নিচেই নগণ্য,উঠি অহা নৱপ্ৰজন্মক এই ত্তাঈ আহোম ভাষা ,সংস্কৃতি আদি ক্ষেত্ৰত আগ্ৰহী কৰাৰ
উদ্দেশ্যেৰে তিনিচুকীয়া জিলাৰ মাকুম জ্যোতি নগৰ নিবাসী সোণমণি বৰুৱা গগৈৰ প্ৰচেষ্টাত,তেওঁৰ একমাত্ৰ কন্যা প্ৰয়াত বিপাঞ্চী বাৰ্বী গগৈৰ সোঁৱৰণীত ত্তাঈ আহোম যুৱ পৰিষদ আৰু মহিলা পৰিষদ মাকুম আঞ্চলিকৰ সহযোগত আজিৰে পৰা সাত দিনীয়া বিনামূলীয়া ত্তাঈ আহোম ভাষা ,সংস্কৃতি পাঠদান কৰ্মশালা এখনি আয়োজন কৰা হৈছে।

আহোম ৰজা স্বৰ্গদেউ চুকাফা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কৰ্মশালা খনিত বিশিষ্ট লিখক দূৰ্লভ চেতিয়া প্ৰমুখ্যে কৰি ত্তাঈ আহোম যুৱ পৰিষদ আৰু মহিলা পৰিষদ মাকুম আঞ্চলিক সমিতি বিষয়-ববীয়া সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here